নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ ডিমাকুছিত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১২ জুলাই : ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ডিমাকুছিত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ । বানপানীৰ বাবে বন্যপ্ৰাণীসমূহে এতিয়া আশ্ৰয় বিচাৰি বনাঞ্চলৰ পৰা ওলাই আহিছে। ডিমাকুছি নিবাসী ক্ষুদ্ৰ চাহ খেতিয়ক জয়ন্ত ঠাকুৰীয়া নামৰ ব্যক্তিজনে কালীখোলাত অৱস্থিত নিজৰ চাহ বাগিচাত এটা বিৰল প্ৰজাতিৰ কাছ প্ৰত্যক্ষ কৰে । লগে লগে তেওঁ দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছটো ধৰি তেওঁৰ গৃহলৈ আনি ডিমাকুছি আৰক্ষীক অৱগত কৰায় । ডিমাকুছি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহানন্দ ভূঞা আৰু জয়ন্ত ঠাকুৰীয়াই সন্ধিয়া স্থানীয় বৰনদী অভয়াৰণ্যৰ বন বিষয়াক জনাই কাছটো বৰনদী অভয়াৰণ্যৰ বনকৰ্মীক চমজাই দিয়ে । যিটো সময়ত বিভিন্ন প্ৰান্তত দুষ্কৃতিকাৰীয়ে বন্য জীৱ-জন্তু চিকাৰ কৰি মাৰি ভক্ষণ কৰি আহিছে, তেনে সময়তে জয়ন্ত ঠাকুৰীয়াৰ বন্যপ্ৰাণীপ্ৰেমক সকলোৱে শলাগ লয় ।

প্ৰেৰক পিংকু কলিতা

You might also like