নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম কাৰ্বি আংলঙত বান নিয়ন্ত্ৰণ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ পৰ্যালোচনা

🎯 পশ্চিম কাৰ্বি আংলঙত এইবাৰ ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’ব

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ জুলাইঃ মন্ত্ৰী পীযুষ হাজৰীকাই আজি পশ্চিম কাৰ্বি আংলং জিলা ভ্ৰমণ কৰি টুম্প্ৰেঙত জিলাখনৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে আজিৰ পৰ্যালোচনাত উল্লেখ কৰে যে এইবাৰ জিলাখনত বান-খহনীয়া প্ৰতিৰোধৰ বাবে বৈঠালাংছ’ সমষ্টিত বাৰিষাকাল শেষ হোৱাৰ লগে লগে ১৫ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। ইয়াৰে কপিলী নৈৰ পাৰত ১১ কিলোমিটাৰ আৰু বৰপানীৰ পাৰত ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণ ক’ৰা হ’ব। এই মথাউৰি যাতে উন্নত আৰু শক্তিশালীভাৱে নিৰ্মাণ কৰি নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা দিয়ে। পৰ্যালোচনা কালতে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বান-খহনীয়াৰ অন্যান্য দিশসমূহৰ বিষয়েও বুজ লয় ।

You might also like