নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা সদ্যসমাপ্ত দুখনীয়া টেষ্ট শৃংখলাটোত ২–০ৰ ব্যৱধানত পৰাস্ত হ’লেও ভাৰতীয় ক্রিকেট দলটোৱে আই চি চি টেষ্ট ৰেংকিঙৰ দলীয় শাখাৰ শীর্ষস্থানটো নিজৰ দখলতে ৰাখিবলৈ সক্ষম হৈছে৷ ভাৰতীয় দলটোৱে ১১৬ ৰেটিং পইণ্টেৰে শীর্ষস্থানটো অক্ষুণ্ণ ৰাখিছে৷ ইফালে, নিউজিলেণ্ডে ১১০ পইণ্টেৰে দ্বিতীয় আৰু অষ্ট্রেলিয়াই ১০৮ পইণ্টেৰে তৃতীয় স্থানটো অধিকাৰ কৰি আছে৷ ইফালে, নিউজিলেণ্ডৰে সদ্যসমাপ্ত টেষ্ট শৃংখলাটোত সম্পূর্ণৰূপে ব্যর্থ হ’লেও টীম ইণ্ডিয়াৰ বিৰাট কোহলিয়ে বেটছমেন শাখাৰ দ্বিতীয় স্থানটো অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়৷ অৱশ্যে এই দুর্বল বেটিং প্রদর্শনৰ বাবে কোহলিয়ে ২০ ৰেটিং পইণ্ট হেৰুৱাবলগীয়া হয়৷ কোহলিয়ে ৮৮৬ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত থকাৰ বিপৰীতে অষ্ট্রেলিয়াৰ তাৰকা বেটছমেন ষ্টিভ স্মিথে ৯১১ ৰেটিং পইণ্টেৰে শীর্ষস্থানটো অক্ষুণ্ণ ৰাখিছে৷ এটা স্থান আগুৱাই মার্নাছ লাবুছানেই তৃতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে এটা স্থান পিছুৱাই নিউজিলেণ্ডৰ উইলিয়ামছনে চতুর্থলৈ অৱনমিত হয়৷ ভাৰতৰ পূজাৰাই দুটা স্থান আগুৱাই সপ্তমলৈ উন্নীত হয় যদিও এটা স্থান পিছুৱাই নৱমলৈ অৱনমিত হয় আজিংক্য ৰাহানে৷ অষ্ট্রেলিয়াৰ পেট কামিনছে শীর্ষস্থান দখল কৰি থকা বলিং শাখাত ভাৰতৰ যশপ্রীত বুমৰাহে চাৰিটা স্থান আগুৱাই সপ্তম স্থানলৈ উন্নীত হয়৷ মন কৰিবলগীয়া যে বলিং শাখাৰ শীর্ষ ১০ত স্থান লাভ কৰা বুমৰাহেই হ’ল ভাৰতৰ একমাত্র বলাৰ৷ নিউজিলেণ্ডৰ ৱাগনাৰে দ্বিতীয় আৰু ৱেষ্ট ইণ্ডিজৰ হল্ডাৰে তৃতীয় স্থানত আছে৷
Next Post