বিশেষ বাৰ্তা, ১৩ জুলাই : নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰূপহীতলীৰ নিকুঞ্জ ডেকা নামৰ ১৮ বছৰীয়া যুৱকজন আজি সাতদিনে নিৰুদ্দেশ হৈ আছে। যুৱকজনৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ইয়াকে লৈ বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে, ৰহা ৰূপহীতলীৰ মনোজ ডেকাৰ একমাত্ৰ সন্তান ১৮ বছৰীয়া নিকুঞ্জ ডেকাই ৬ জুলাইৰ নিশা ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা আজি পৰ্যন্ত সন্ধানহীন হৈ আছে। উল্লেখ্য যে ঘৰৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত থকা ৰহা টোলগেটৰ মাজেৰে পাৰ হ’বলগীয়া যান-বাহনবোৰৰ Fastagৰ কাম কৰিছিল নিকুঞ্জই। পিতৃ মনোজে ৰহা টোলগেটতেই অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্ম কৰি মুঠ তিনিজন সদস্যৰে অতি সুখেৰে জীৱন নিৰ্বাহ কৰিছিল। জনিব পৰা মতে, ৬ জুলাই শনিবাৰে নিশা প্ৰায় ১০ বজাত কোনো গ্ৰাহকে Fastagৰ কামৰ বাবে ফোন কৰে। সেইবাবে যুৱকজনে নিশা ঘৰৰ পৰা ওলাই যায়। কিন্তু বহু দেৰিলৈকে যুৱকজন ঘৰলৈ ঘূৰি নোযোৱাত মাকে ফোন কৰি নিকুঞ্জক ঘৰলৈ আহিবলৈ কয়। নিকুঞ্জয়ো গৈ আছোঁ বুলি উত্তৰ দিয়াৰ পাছৰ পৰা ম’বাইলটো বন্ধ হৈ পৰে। কিছু সময়ৰ পাছত পুনৰ মাকে ফোন কৰাত ম’বাইল ফোন বন্ধ থকাত মাকে পিতৃক অৱগত কৰে আৰু তাৰ পাছৰ পৰাই পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গই নিকুঞ্জৰ বন্ধুবৰ্গৰ মাজত বিচাৰ-খোচাৰ কৰে যদিও কোনো সম্ভেদ লাভ নকৰিলে। ওৰে নিশাটো অ’ত-ত’ত বিচাৰ-খোঁচাৰ কৰাৰ পাছতো পিছদিনাখন পৰিয়ালৰ লোকে সকলোতে বিচাৰ-খোঁচাৰ কৰে যদিও নিকুঞ্জৰ সন্ধান নোপোৱাত অৱশেষত ৰহা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। একমাত্ৰ পুত্ৰৰ এনে আকস্মিক নিৰুদ্দেশত শোকত ভাগি পৰিছে পিতৃ-মাতৃ। শেহতীয়াকৈ জানিব পৰা মতে, নিৰুদ্দিষ্ট নিকুঞ্জৰ ম’বাইলৰ চিডিআৰৰ তথ্যত মাতৃৰ ফোনকলটোৱে শেষ কল আছিল। তদুপৰি সেই সময়ৰ পৰা বৰ্তমানলৈকে বন্ধ আছে নিকুঞ্জৰ ম’বাইল ফোন। কিন্তু আজিৰ আধুনিক প্ৰযুক্তিবিদ্যাৰে পৰিপূৰ্ণ অসম আৰক্ষীয়ে নিৰুদ্দিষ্ট নিকুঞ্জৰ কোনো শুংসূত্ৰ লাভ কৰিব নোৱাৰাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। তদুপৰি নিকুঞ্জই fastagৰ জৰিয়তে বেংকৰ ধনৰ লেনদেন কৰা তথ্য আৰক্ষীক যোগান ধৰিছে যদিও তাৰ পৰাও কোনো সম্ভেদ লাভ কৰা নাই নিকুঞ্জৰ। আনহাতে, আজি সাতদিনে একমাত্ৰ পুত্ৰৰ সন্ধান নোপোৱাত তীব্ৰ হতাশাত ভুগিছে পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গ। কোনো লোকে যুৱকজনৰ সন্ধান পালে 6901421655 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।