নিয়মীয়া বাৰ্তা, ১৩ জুলাই : নলবাৰী জিলাৰ পাগলাদিয়া নৈ পাৰ ব’লাকুছিত এটা মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো কৈৰাৰা গাঁৱৰ ৰুবুল কলিতাৰ বুলি চিনাক্ত কৰা হয়। ১২ জুলাইত নলবাৰী জিলাৰ কৈৰাৰা গাঁৱৰ প্ৰায় ৩৫ বছৰীয়া যুৱক ৰুবুল কলিতা পুৱা ৮:৩০ বজাৰ পৰা সন্ধানহীন হয়।মানসিকভাৱে কিছু ভাৰসাম্য হেৰুওৱা যুৱকজনৰ সন্ধানত গাঁওবাসী ওলাই আহিছিল যদিও সন্ধান পোৱা নাছিল। পিছত ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষী চকীত ৰুবুলৰ পৰিয়ালৰ সদস্যই অৱগত কৰায়। ঘৰৰ পৰা সন্ধানহীন হোৱাৰ পূৰ্বে যুৱকজনে পিন্ধনত ক’লা ৰঙৰ টি ছাৰ্ট আৰু ক’লা ৰঙৰ হাফপেণ্ট পৰিধান কৰি আছিল। আজি কৈৰাৰা গাঁওবাসীৰ সহযোগত দিনৰ ভাগত ব’লাকুছি গাঁৱৰ সমীপত পাগলাদিয়া নৈৰ বালিচাপৰিত এটা মৃতদেহ উদ্ধাৰ হয়। পিছত সন্ধানহীন হৈ থকা যুৱক ৰুবুল কলিতাৰ পৰিয়ালৰ সদস্য আৰু গাঁওপ্ৰধানে মৃতদেহটো ৰুবুল কলিতাৰ বুলি চিনাক্ত কৰে। উদীয়মান যুৱকজনৰ মৃত্যুত কৈৰাৰা গাঁৱত শোকৰ ছাঁ পৰে।
প্ৰেৰক শ্বাহ আলম আহমেদ