নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ডাঙিৰ চৰত গা ধুবলৈ গৈ দুটি শিশুৰ কৰুণ মৃত্য়ু

নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত ডাঙিৰ চৰত আজি বাঢ়নী পানীত গা ধুবলৈ যোৱা গাঁওখনৰ তিনিটা শিশুৰ দুটিৰ মৃত্যু হোৱাৰ বিপৰীতে এজনৰ কথমপি প্ৰাণ ৰক্ষা পৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটো জোকাৰি গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি গাঁওখনৰ ছানোৱাৰ হুছেইন আৰু আব্দুল আলী নামৰ দুই ভাতৃৰ কণমানি সন্তান ক্ৰমে, আবু ছায়েদ (৬) আৰু চুলতানা পাৰবিন (৮)কে ধৰি আন এটি শিশুৱে বাঢ়নী পানীত গা ধুবলৈ গৈছিল। কিন্তু পানীত নমাৰ ল’গে ল’ শিশুক তিনিটাক সোঁতে উটুৱাই নিবলৈ ধৰে। সেয়া প্ৰত্যক্ষ কৰি একাংশ লোকে এটি শিশুক কথমপি উদ্ধাৰ কৰে যদিও ছায়েদ আৰু চুলতানা নামৰ শিশু দুটি সন্ধানহীন হৈ পৰে। গাঁওখনৰ ৰাইজে বিচাৰ-খোঁচাৰ কৰি মাছ মৰা জালেৰে এটি শিশুৰ নিথৰ দেহ উদ্ধাৰ কৰে যদিও অইনটো শিশুৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়। ইপিনে ঘটনাটো অৱগত হৈ গৌৰীপুৰ আৰক্ষী আৰু এচডিআৰএফৰ দল গাঁওখনত উপস্থিত হয়। অৱশেষত এচডিআৰএফৰ দলে সন্ধানহীন হৈ থকা দ্বিতীয়টো শিশুৰ নিথৰ দেহ উদ্ধাৰ কৰে। আজিৰ এই ঘটনাই গাওঁখনৰ উপৰি বৃহত্তৰ গৌৰীপুৰ অঞ্চলত শোঁকৰ ছাঁ পেলাইছে। বানপানীৰ মাজতে ধুবুৰীত সংঘটিত হল এক শোকাৱহ ঘটনা। ধুবুৰীৰ গৌৰীপুৰ থানা এলেকাৰ ডাঙিৰ চৰ গাঁওৰ বাঢ়নী পানীত একেলগে গা ধুই থকা সময়তে সন্ধানহীন হৈ পৰে একে পৰিয়ালৰ তিনিটাকৈ কণমানি শিশু। ইতিমধ্যে এজনৰ প্ৰাণৰক্ষা পৰাৰ বিপৰীতে দুয়োজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। প্ৰথমে স্থানীয় ৰাইজে বিচাৰ খোচাৰ চলাই এজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হৈ আন এজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, গাঁওখনৰ ছানোৱাৰ হুছেইন আৰু আব্দুল আলী নামৰ দুই ভাতৃৰ কণমানি সন্তান ক্ৰমে, আবু ছায়েদ আৰু চুলতানা পাৰবিনৰ লগতে আন এটি শিশুক লৈ মুঠ তিনিটা কৈ শিশু বাঢ়নী পানীত গা ধুই আছিল। তেনে সময়তে এটি শিশুৰ প্ৰাণ ৰক্ষা পৰে যদিও আন দুটি শিশু সন্ধানহীন হৈ পৰে। পিছত স্থানীয় ৰাইজ আৰু SDRF বাহিনীয়ে সন্ধানহীন হৈ পৰা শিশু দুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ কৰিবলৈ সক্ষম হয়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like