নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰিকৰী শিক্ষাত ২২৫ চাকৰি

তিনিচুকীয়া, মৰিগাঁও, চিৰাং, ওদালগুৰি, হাইলাকান্দিত পলিটেকনিকতপদ পূৰণ অনলাইনযোগে আবেদন কৰিবলৈ ৱেবছাইট https://www.dte.assam.gov.in লগ ইন কৰিব পাৰিব

প্রবক্তাৰ ১২০ পদ

অসম চৰকাৰৰ উচ্চতৰ শিক্ষা বিভাগৰ অধীনস্থ কাৰিকৰী শিক্ষা সঞ্চালকালয়ত খালী হৈছে ভিন্ন বর্গৰ ১২০ পদ৷ ইতিমধ্যে এই বিষয়ে বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ উক্ত খালী পদকেইটা অচিৰেই প্রতিষ্ঠা হ’বলগীয়া তিনিচুকীয়া, মৰিগাঁও, চিৰাং, ওদালগুৰি আৰু হাইলাকান্দি জিলাৰ পলিটেক্নিকত পূৰণ কৰা হ’ব৷ বিজ্ঞাপনৰ তথ্য অনুসৰি প্রবক্তা (কাৰিকৰী)ৰ ৮০টা পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে
চিভিল ইঞ্জিনীয়াৰিং (২৫), মেকানিকেল ইঞ্জিনীয়াৰিং (১২), ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিং (১৭), কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিং (৬), এগ্রিকালচাৰ ইঞ্জিনীয়াৰিং (৫), ফুড প্রছেচিং টেক্ন’ল’জী (৪), মাইনিং ইঞ্জিনীয়াৰিং (৫), মেডিকেল ইলেক্ট্র’নিক্ছ ইঞ্জিনীয়াৰিং (৩), ইনষ্ট্রু’মেনটেচন (২) আৰু ইটিচি ইঞ্জিনীয়াৰিং (১)৷ প্রবক্তা (অ–কাৰিকৰী)ৰ ২৫ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– পদার্থ বিজ্ঞান (৫), ৰসায়ন বিজ্ঞান (৫), গণিত (৫), ইংৰাজী (৫), বাণিজ্য (৫)৷ আনহাতে, জ্যেষ্ঠ প্রশিক্ষকৰ ১৫টা পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– চিভিল ইঞ্জিনীয়াৰিং (৫), মেকানিকেল ইঞ্জিনীয়াৰিং (২), ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিং (৩), কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিং (১), এগ্রিকালচাৰ ইঞ্জিনীয়াৰিং (১), ফুড প্রছেচিং টেক্ন’ল’জী (১), মাইনিং ইঞ্জিনীয়াৰিং (১) আৰু মেডিকেল ইলেক্ট্র’নিক্ছ ইঞ্জিনীয়াৰিং (১)৷ কাৰিকৰী আৰু অ–কাৰিকৰী বিভাগৰ প্রবক্তাই ইউজিচি/এআইচিটিই নিয়মাৱলী অনুসৰি দৰমহা লাভ কৰিব৷ আনহাতে, জ্যেষ্ঠ প্রশিক্ষক পদৰ প্রার্থীয়ে মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৮,৭০০ টকাৰ গ্রেড পে লাভ কৰিব৷ বয়স ১ জানুৱাৰী ২০২০লৈ ২১–৩৮ বছৰ৷ বয়সৰ এই সীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট https://www.dte.assam.gov.in লগ ইন কৰিব পাৰিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২০ মার্চ ২০২০৷

প্রশাসনীয় বিভাগত ৫০ পদ

অসম চৰকাৰৰ উচ্চতৰ শিক্ষা বিভাগৰ অধীনস্থ কাৰিকৰী শিক্ষা সঞ্চালকালয়ত খালী হৈছে ভিন্ন বর্গৰ ৫০ পদ৷ ইতিমধ্যে এই বিষয়ে বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে–
জুনিয়ৰ এছিছটেণ্ট ১৫টাঃ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰৰ জ্ঞান থকা হ’ব লাগিব৷ পদকেইটা তিনিচুকীয়া, মৰিগাঁও, চিৰাং, ওদালগুৰি আৰু হাইলাকান্দি জিলাত ক্রমে ৩টাকৈ পূৰণ কৰা হ’ব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকা৷ ৬,২০০ টকাৰ গ্রেড পে৷ জুনিয়ৰ ইনষ্ট্রাক্টৰ ২৫টাঃ প্রার্থী দশম শ্রেণী উত্তীর্ণ আৰু আই টি আইৰ প্রমাণ–পত্রধাৰী হোৱাৰ উপৰি সংশ্লিষ্ট খণ্ডত পাঁচবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ পদকেইটা তিনিচুকীয়া, মৰিগাঁও, চিৰাং, ওদালগুৰি আৰু হাইলাকান্দি জিলাত ক্রমে ৫টাকৈ পূৰণ কৰা হ’ব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকা৷ ৬,৮০০ টকাৰ গ্রেড পে৷ ছাইণ্টিফিক এছিছটেণ্ট–ফিজিক্স ৫টাঃ প্রার্থী বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ পদকেইটা তিনিচুকীয়া, মৰিগাঁও, চিৰাং, ওদালগুৰি আৰু হাইলাকান্দি জিলাত ক্রমে ১টাকৈ পূৰণ কৰা হ’ব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকা৷ ৭,৪০০ টকাৰ গ্রেড পে৷ শেষত ছাইণ্টিফিক এছিছটেণ্ট–কেমেষ্ট্রী ৫টাঃ প্রার্থী বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ পদকেইটা তিনিচুকীয়া, মৰিগাঁও, চিৰাং, ওদালগুৰি আৰু হাইলাকান্দি জিলাত ক্রমে ১টাকৈ পূৰণ কৰা হ’ব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকা৷ ৭,৪০০ টকাৰ গ্রেড পে৷ বয়স ১ জানুৱাৰী ২০২০লৈ ১৮–৩৮ বছৰ৷ বয়সৰ এই সীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট https://www.dte.assam.gov.in লগ ইন কৰিব পাৰিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২০ মার্চ ২০২০৷

চতুর্থবর্গৰ ৫৫ পদ

অসম চৰকাৰৰ উচ্চতৰ শিক্ষা বিভাগৰ অধীনস্থ কাৰিকৰী শিক্ষা সঞ্চালকালয়ত খালী হৈছে চতুর্থ বর্গৰ ৫৫ পদ৷ পদসমূহ বীয়েৰাৰ, পিয়ন, চকীদাৰ আৰু ৱর্কশ্বপ যোগালি পর্যায়ৰ৷ অচিৰেই তিনিচুকীয়া, মৰিগাঁও, চিৰাং, ওদালগুৰি আৰু হাইলাকান্দি জিলাৰ প্রতিষ্ঠা হ’বলগীয়া পলিটেকনিকসমূহত উক্ত খালী পদসমূহ পূৰণ কৰা হ’ব৷ বিভাগীয় সঞ্চালকে প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি চতুর্থ বর্গৰ পদসমূহ ক্রমে তিনিচুকীয়া (১১), মৰিগাঁও (১১), চিৰাং (১১), ওদালগুৰি (১১) আৰু হাইলাকান্দিত (১১) পূৰণ কৰা হ’ব৷ আবেদনকাৰী অষ্টম শ্রেণী উত্তীর্ণ হোৱাটো বাঞ্ছনীয়৷ দৰমহাৰ নিৰিখ মাহে ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকা গ্রেড পে৷ বয়স ১ জানুৱাৰী ২০২০লৈ ১৮–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://www.dte.assam.gov.in লগ–ইন কৰিব পাৰিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২০ মার্চ ২০২০৷

You might also like