নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটাত চৰকাৰী অধিগৃহীত ভূমিত ঘৰ নিৰ্মাণ : বিপদৰ আশংকা

নিয়মীয়া বাৰ্তা, ১৬ জুলাই : কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনৰ তত্বাৱধানত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মীয়মান অৱস্থাত থকা উৰণ সেতুৰ পশ্চিম দিশৰ পিয়লিখাটা গাৱৰ টেঙাবাৰী চুবুৰীলৈ যাতায়াত কৰা মূল পথটিৰ সন্মুখভাগ আৰু সেৱা পথ (চাৰ্ভিছ ৰোড)ৰ কাষত নিৰ্মান কৰা নলা-নৰ্দমা পৰিকল্গিত তথা বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি উক্ত ৰাষ্ট্ৰীয় নিৰ্মাণাকাৰী সংস্থাৰ সংশ্লিষ্ট বিষয়াৰ সৈতে অশুভ বুজাবুজিৰে ৰাইজৰ সুবিধা অসুবিধাক আওকাণ কৰি এই টেঙাবাৰী চুবুৰিলৈ যোৱা পথৰ সন্মুখভাগত ৰাষ্ট্ৰীয় ঘাইপত নিৰ্মান কৰাৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰাৰ মাটিত একাংশ ব্যৱসায়ীয়ে ঘৰ বনাই ব্যৱসায় চলাই আহিছে। যাৰ বাবে টেঙাবাৰী চুবুৰীৰ পৰা উক্ত সেৱা পথলৈ বাহন আদিৰে যাতায়ত কৰাৰ ক্ষেত্ৰত ভীষন সমস্যাৰ সৃষ্টি হোৱাই নহয় পথটিৰ সন্মুখ ভাগত চৰকাৰে অধিগ্ৰহন কৰা মাটিত অবৈধভাৱে থকা ব্যৱসায় ঘৰৰ বাবে সেৱা পথত চলাচল কৰা যান বহন প্ৰতক্ষ নোহোৱাৰ যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটন সংঘটিত হোৱাৰ সম্ভৱনাই দেখা দিছে এনেবোৰ সমস্যা সমাধানৰ হেতু স্থানীয় লোকে জিলাখনৰ কমলপুৰ ৰাজহ চক্ৰ বিষয়াক এক স্মাৰক পত্ৰ অৰ্পন কৰাত চক্ৰ বিষয়াগৰাকীয়ে চৰজমিন পৰিদৰ্শন কৰি অহা ১৯ জুলাইত স্থানীয় ৰাইজৰ প্ৰতিনিধি, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰতিনিধি আৰু সংশিষ্ট!ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ প্ৰতিনিধিৰ লগত আলোচনাত মিলিত হব।

প্ৰেৰক লক্ষী ডেকা

You might also like