নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত লেকু নদীৰ ব্যাপক খহনীয়াত সন্ত্ৰস্ত নৈপৰীয়া

নিয়মীয়া বাৰ্তা, ১৯ জুলাই : চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা লেকু নদীয়ে এফালে পবা সংৰক্ষিত বনাঞ্চল আৰু আনফালে লেকু জেলম অঞ্চলৰ ঠায়ে ঠায়ে অব্যাহত ৰাখিছে ব্যাপক খহনীয়া৷ ফলত শংকিত হৈ পৰিছে লেকু নদীৰ কাষতে বসবাস কৰা ৰাইজ৷ কাৰণ লেকু নদীৰ কাষত থকা মথাউৰিলৈ মাজত প্ৰায় ৭০-৮০ ফুটহে বাকী থকাত অধিক শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷ জানিব পৰা মতে, বিভিন্ন সময়ত লেকু নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিক আবেদন-নিবেদন কৰাৰ পিছতো আজিকোপতি কোনোধৰণৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাত লেকু নদীৰ খহনীয়াই দিনকদিনে তীব্ৰগতিত খহাই অহাত তীব্ৰ ভাবুকিয়ে দেখা দিছে অঞ্চলটোত৷ সেয়ে সময় থাকোঁতে বিভাগক তথা স্থানীয় বিধায়ক আৰু সাংসদক লেকু নদীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে৷

প্ৰেৰক কৰবী দলে

You might also like