নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰেশ বৰুৱাসহ চাৰি আলফা নেতাক আদালতত হাজিৰ হোৱাৰ নির্দেশ ‘নিয়া’ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জুলাই : আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাসহ নিষিদ্ধঘোষিত সংগঠনটোৰ চাৰি শীর্ষ নেতাক আদালতত হাজিৰ হ’বলৈ নির্দেশ জাৰি কৰিছে গুৱাহাটীস্থিত নিয়াৰ বিশেষ ন্যায়াধীশে৷ এই সন্দর্ভত পৰেশ বৰুৱাৰ উপৰি ৰুমেল অসম, অৰুণোদয় দহোটীয়া আৰু সৌৰভ অসমক সোঁশৰীৰে আদালাত হাজিৰ হোৱাৰ নির্দেশনাৰে জাননী জাৰি কৰা হৈছে৷ এক্সপ্ল’ছিভ ছাবষ্টেণ্টজ ভেক্টৰ আইপিচিৰ ১২০ বি আৰু ১২০এ ধাৰাৰ লগতে বেআইনী কার্যকলাপ প্রতিৰোধী আইনৰ কেইবাটাও ধাৰাৰ অধীনত শাস্তিযোগ্য হোৱাৰ বাবে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষসহ চাৰিওৰে বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানাও জাৰি কৰা হৈছে৷ কিন্তু তেওঁলোক পলাতক অৱস্থাত থকাৰ বাবে এখন জাননীৰ জৰিয়তে আটাইকেইজনকে আদালতত হাজিৰ হৈ তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উত্তৰ দিবলৈ নির্দেশ দিছে৷ জাননীত উল্লেখ কৰা অনুসৰি পৰেশ বৰুৱা, সৌৰভ অসম আৰু অৰুণোদয় দহোটীয়াক অহা তিনি আগষ্টৰ পুৱা ১০ বজাত আদালতত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে৷ আনহাতে, নিয়াৰ বিশেষ আদালতে ৰুমেল অসম ওৰফে আইচেং অসমক অহা ১৪ আগষ্টৰ পুৱা ১০ বজাত হাজিৰ হোৱাৰ নির্দেশ জাৰি কৰি জাননী প্রকাশ কৰা হৈছে৷ লক্ষণীয় যে নিয়াৰ বিভিন্ন গোচৰত সময়ে সময়ে পৰেশ বৰুৱাৰ উপৰি একাংশ শীর্ষ নেতাক অভিযুক্ত কৰা হৈছে৷ বিশেষকৈ আলফা (স্বাঃ)ই দায়িত্ব স্বীকাৰ কৰা বিভিন্ন ঘটনা সন্দর্ভত ৰুজু কৰা গোচৰত তেওঁলোকক অভিযুক্ত কৰি আদালতত চার্জশ্বীটো দাখিল কৰা হৈছে৷ চার্জশ্বীটসমূহত পৰেশ বৰুৱাসহ আন অভিযুক্তসকলক পলাতক বুলি উল্লেখ কৰি আহিছে তদন্তকাৰী সংস্থাটোৱে৷

You might also like