নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত বানবিধ্বস্ত পথত যাতায়াতত বিড়ম্বনা

🔹 মালিটাৰী সত্ৰ-মুছলিম চাৰিআলি পৰ্যন্ত আজিও জলমগ্ন পকী ৰাজপথ

নিয়মীয়া বাৰ্তা, ২১ জুলাই : প্ৰতিটো বানতেই নগৰবেৰাৰ ৰাজপথ জলমগ্ন হোৱাত যাতায়াতৰ ক্ষেত্ৰত বছৰি জীয়াতু ভুগিবলগীয়া হয় বৃহত্তৰ নগৰবেৰা অঞ্চলবাসীয়ে | হেকৰাৰ পৰা জামলাই পৰ্যন্ত বানপানীয়ে ৰাজপথ বুৰাই পেলোৱাত পথছোৱা সম্প্ৰতি যাতায়াতৰ ক্ষেত্ৰত সমূলি বিপদসংকুল হৈ পৰিছে | বানপানী কমিছে যদিও আজিও কমা নাই বান দুৰ্যোগৰ ভয়াৱহতা। আজিকোপতি জলমগ্ন হৈয়েই আছে সদাব্যস্ত পকী ৰাজপথ | কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ মালিবাৰী সত্ৰৰ পৰা মুছলিম চাৰিআলি হৈ ছমৰীয়া সত্ৰ সংযোগী পকী ৰাজপথ আজিও বানপানীৰ কবলত | নিতৌ পানীৰ মাজেৰে অব্যাহত আছে যাতায়াত। একেদৰে যান-বাহনবোৰেও পানীৰ মাজেৰেই ৰাজপথ পাৰাপাৰ হৈছে বিপদসংকুলভাৱে | প্ৰতিবাৰে বাৰিষা কালত পথছোৱা দ হোৱাৰ বাবেই ৰাইজৰ এনে যাতায়াত বিপৰ্যয় হয়, ফলত ৰাইজে পকী পথ হ’লেও যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হয় | শীঘ্ৰে কালভাৰ্টৰ দিহা কৰা আৰু জলমগ্ন দ পথছোৱাত মাটি পেলাই ওখ কৰি উন্নীতকৰণৰ পৰামৰ্শ দিছে ভুক্তভোগী গঞাই | সংশ্লিষ্ট বিভাগে পথছোৱাৰ যাতায়াত বিড়ম্বনা আঁতৰাবলৈ পদক্ষেপ নল’লে আগলৈকো অব্যাহত ৰ’ব সদাব্যস্ত ৰাজপথটিৰ যাতায়াতৰ অবৰ্ণনীয় আহুকাল |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like