আজি ২২ জুলাই, শাওণ মাহৰ ৬ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা প্রতিপদ, নক্ষত্র : শ্রৱণা, যাত্রা : শুভ
মেষ : শুভ ৰং নীলা, শুভ সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ প্রতিকাৰ– ঘিউৰ চাকি এগছি জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱৰ ধ্যান কৰিব৷
বৃষ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷ যান–বাহন চলোৱা লোকসকলে অলপ সাৱধান হ’ব৷ ব্যৱসায়ীৰ অর্থহানি হ’ব পাৰে৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা৷ প্রতিকাৰ– তুলসী গছৰ গুৰিত পানী ঢালি ধূপ–চাকি জ্বলাব৷
মিথুন : শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৭৷ সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব৷ সন্তানৰ ভুলৰ বাবে লজ্জিত হ’ব লগা হ’ব৷ স্বাস্থ্যৰ যত্ন ল’ব৷ প্রতিকাৰ– ভিক্ষাৰীক পাৰিলে জলপান কৰাব৷
কর্কট : শুভ ৰং বগা, শুভ সংখ্যা ৮৷ আজি শুভ কাম আৰম্ভ কৰিব পাৰে৷ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব৷ ব্যৱসায়ীসকলৰ লাভ বাঢ়িব৷ প্রতিকাৰ– অগৰু–চন্দন পানীত মিহলাই ঘৰত ছটিয়াব৷
সিংহ : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷ টকা–পইচাৰ লেনদেন নিজৰ হাতেৰেহে কৰিব৷ বিবাহৰ প্রস্তাৱ পাব পাৰে৷ পাবলৈ থকা ধন হাতলৈ আহিব৷ খৰচ বাঢ়িব৷ প্রতিকাৰ– বেলগছৰ গুৰিত ধূপ–চাকি জ্বলাব৷
কন্যা : শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷ চাকৰিয়ালৰ পদোন্নতিত বাধা আছে৷ শিক্ষার্থীৰ শুভ দিন৷ কথা কওঁতে সংযম ৰাখিব৷ প্রতিকাৰ– হনুমান চালিচা পাঠ কৰিব৷
তুলা : শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬৷ চাকৰিৰ কাৰণে স্থান পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ প্রতিকাৰ– পুৱা গা ধুই সূর্য প্রণাম কৰিব আৰু তুলসীৰ গুৰিত পানী ঢালি ধূপ জ্বলাব৷
বৃশ্চিক : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷ অপদস্থ হোৱাৰ ভয়৷ ব্যৱসায়ত ধৈর্যহীনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা৷ প্রতিকাৰ– পূজা কৰা ব্রাহ্মণক বগা বস্ত্র দান কৰক৷
ধনু : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ আশংকা৷ টকা–পইচা ধাৰলৈ দিলে ঘূৰাই নাপাব৷ ব্যৱসায়ত বেমেজালি আহিব পাৰে৷ চাকৰিৰ খবৰ আহিব পাৰে৷ প্রতিকাৰ– কপালত চন্দনৰ ফোঁট ল’ব৷
মকৰ : শুভ ৰং বগা, শুভ সংখ্যা ৫৷ হাতলৈ অহা কাম এৰি নিদিব৷ খং দমাই ৰাখক৷ চাকৰিৰ বাবে লাগি থকাসকলে ভাল খবৰ পাব পাৰে৷ সন্তানৰ শুভ৷ প্রতিকাৰ– ভিক্ষাৰীক ভোজন কৰাব পাৰিলে ভাল৷
কুম্ভ : শুভ ৰং নীলা, শুভ সংখ্যা ৯৷ অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব, বিপদ হ’ব পাৰে৷ মূৰত আঘাত পাব পাৰে৷ প্রতিকাৰ– তিনিটা ৰঙা জবা ফুল লৈ শিৱলিংগত অর্পণ কৰি শিৱৰ ধ্যান কৰিব৷
মীন : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩৷ ঘৰুৱা অশান্তি বাঢ়িব পাৰে৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ ভয় আছে৷ প্রতিকাৰ– পানীত কেইটামান তিল দি পূব দিশলৈ চাই গা ধুব৷