নিয়মীয়া বার্তা, ৫ মার্চঃ ধর্মক লৈ, জাতিক লৈ এচামে নিকৃষ্ট ৰাজনীতি কৰি সমাজখনক ভাগ ভাগ কৰিবলৈ ওলোৱাৰ সময়তে নলবাৰীৰ এগৰাকী ইছলাম ধর্মাৱলম্বী লোকে নিৰলস সাধনাত ব্রতী হৈছে ৷ ব্যক্তিগৰাকীয়ে অধ্যয়ন কৰে হিন্দুুু ধর্মৰ গ্রন্থ৷ প্রতিটো ধর্মৰ দর্শন আৰু তত্ত্ব হূদয়ংগম কৰাৰ চেষ্টাত ব্রতী হোৱা নলবাৰীৰ এইগৰাকী ইছলাম ধর্মালম্বী লোক হৈছে ৰফিউল হুছেইন বৰুৱা৷ তেওঁ নিয়মিতভাৱে অধ্যয়ন কৰে হিন্দুু ধর্মৰ গ্রন্থ ৰামায়ণ, মহাভাৰত, ভাগৱত, গীতা, বেদ আদি৷ এগৰাকী অধ্যাপক, ইতিহাসবিদ আৰু সাহিত্যিক হিচাপে পৰিচিত ৰফিউল হুছেইন বৰুৱাই নলবাৰী চহৰৰ বৰমা ৰোডত নিজ ঘৰতে সাজি উলিৱাইছে বিভিন্ন ধর্মৰ ধর্মগ্রন্থ সংৰক্ষণ কৰা পুথিভঁৰাল ৷ ১৯৮৭ চনৰে পৰা নলবাৰী চহৰত বাস কৰিবলৈ লোৱা ৰফিউল হুছেইন বৰুৱাই শিক্ষা, সাহিত্য, সংস্কৃতিকে ধৰি বিভিন্ন অনুষ্ঠানত নিবিডভাৱে জডিত হৈ থকাৰ উপৰি লিখি উলিয়াইছে কেইবাখনো পুথি ৷ উদাৰ আৰু সহানুভূতিশীল ব্যক্তিত্বৰ অধিকাৰী ৰফিউল হুছেইন বৰুৱাই সমাজৰ অন্যায়–নীতি, ৰাজনৈতিক ভ্রষ্টাচাৰ আদিৰ বিৰুদ্ধেও মাত মাতি আহিছে৷ তেওঁ নিজে ইছলাম ধর্মালম্বী হৈও কেইবাখনো হিন্দুু ধর্মীয় গ্রন্থ ৰচনা কৰিছে আৰু নিয়মীয়াকৈ নিজৰ ধর্মীয় গ্রন্থ কোৰানৰ উপৰি হিন্দুু ধর্মৰ মূল ধর্মগ্রন্থ অধ্যয়নত ব্রতী আছে৷ নিজে অধ্যয়ন কৰাৰ উপৰি তত্ত্বগধুৰ এই ধর্মীয় গ্রন্থবোৰ নিজৰ পুথিভঁৰালত ৰাখি হুছেইনে আনকো অধ্যয়ন কৰাৰ বাবে সুবিধা আগবঢ়াই অন্য এক উদাহৰণ, আদর্শ দাঙি ধৰিছে ৷