নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্ৰীয় বাজেট উন্নয়নমুখী আৰু বাস্তৱধৰ্মী : অতুল বৰা

বিশেষ বাৰ্তা, ২৩ জুলাই : লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটখনক উন্নয়নমুখী আৰু বাস্তৱধৰ্মী আখ্যা দিছে অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। আজি এক বিজ্ঞপ্তিত বৰাই কয় যে বাজেটখনৰ জৰিয়তে সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হ’ব পৰাকৈ প্ৰস্তুত কৰা হৈছে। বিশেষভাৱে কৃষি, শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ লগতে যুৱক-যুৱতী, মহিলাসকলক সংস্থাপনমুখী কৰাৰ বাস্তৱধৰ্মী পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলে এই বাজেটত বিশেষভাৱে প্ৰাধান্য লাভ কৰিছে। ক্ষুদ্ৰ আৰু লঘু উদ্যোগ স্থাপনত বাজেটে এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে। সামগ্ৰিকভাৱে এই বাজেটে দেশৰ অৰ্থনৈতিক কাঠামো অধিক শক্তিশালী আৰু সুদৃঢ় কৰাৰ লগতে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাটোৱে গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে।

You might also like