নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰা বাগডোবাত মৰেল পুলিচিং : নিগ্ৰহৰ বলি যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৮ জুলাই : কামৰূপ আৰু গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী অঞ্চল হেকৰাৰ গৌতম কলিতা নামৰ এজন যুৱকক গোৱালপাৰাৰ বাগডোবাত কেইজনমান যুৱকে উপৰ্যপুৰি প্ৰহাৰ কৰাত যুৱকজনৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ২৪ জুলাইত হেকৰাৰ গৌতম কলিতা নামৰ যুৱকজনক গোৱালপাৰা জিলাৰ বাগডোবাৰ চাৰিজন যুৱকে এখন বাইক চুৰিৰ ঘটনাক লৈ গৌতমে চুৰি কৰা বুলি সন্দেহ প্ৰকাশ কৰি হেকৰাৰ ঘৰৰ পৰা উঠাই লৈ গৈ উপৰ্যপুৰি প্ৰহাৰ কৰিছিল। চাৰিজনকৈ যুৱকৰ উপৰ্যপুৰি প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈছিল গৌতম কলিতা (২৯) নামৰ যুৱকজন। গৌতমক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত ইতিমধ্যে গোৱালপাৰাৰ ধূপধৰা থানাত দেৱ বড়ো, তৌফিক আলী, ৰাহুল ৰাভা (ভাগিন) নামৰ তিনিজন যুৱকৰ নামত পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ। গৌতম কলিতা কিছু সুস্থ হোৱাত শুকুৰবাৰে ঘৰলৈ লৈ অনাৰ পিছত কালি দিনৰ ভাগত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ততাতৈয়াকৈ বকোস্থিত কল্যানী হস্পিতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে গৌতম কলিতাক মৃত ঘোষনা কৰিছিল। ইয়াৰ পিছতে গৌতম কলিতাৰ পৰিয়ালে সংবাদ মাধ্যমৰ জৰিয়তে গৌতমক প্ৰহাৰ কৰা ঘটনাত জড়িত আটাইকেইজনকে আটক কৰি উচিত তদন্তৰ জৰিয়তে ন্যায়ৰ বাবে দাবী জনাইছিল। ইয়াৰ পিছতে ধূপধৰা আৰক্ষীয়ে নিশাৰ ভিতৰতে অভিযান চলাই দেৱ বড়ো, তৌফিক আলী, ৰাহুল ৰাভা (ভাগিন) নামৰ তিনিওজন যুৱকক আটক কৰে। ধূপধৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰদাও গয়াৰীৰ নেতৃত্বত চলিছিল এই অভিযান। আটকাধীন তিনিওজনকে বৰ্তমান থানাত সোধপোচ অব্যাহত ৰাখিছে ধূপধৰা আৰক্ষীয়ে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like