নিয়মীয়া বাৰ্তা, ২৮ জুলাই : ধুবুৰীৰ এগৰাকী পদপথৰ ফাষ্ট ফুডৰ দোকানীয়ে নিজৰ একক প্ৰচেষ্টাৰে খোলা এটা মুদ্ৰা সংগ্ৰহালয়ে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ধুবুৰী চহৰৰ ৪নং ৱাৰ্ডৰ পাউণ্ড ৰোডৰ বাসিন্দা গোপাল চন্দ্ৰ সাহাৰ সংগ্ৰহালয়টোত মোগল, আহোম যুগৰ কেইবাবিধো আপুৰুগীয়া মুদ্ৰাকে ধৰি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মুদ্ৰা আছে। পূৰ্বৰ পৰাই ৰাপ থাকিলেও দৰাচলতে নৱপ্ৰজন্মক মুদ্ৰাৰ সৈতে চিনাকি কৰাই দিবলৈ খোলা সংগ্ৰহালয়টো ২০২৩ চনত মাথোঁ ২৩ বছৰ বয়সতে অকাল মৃত্যুক সাবটা নিজৰ সৰু পুত্ৰ ল’ব সাহাৰ স্মৃতিত খুলিছিল সাহাই। প্ৰথমে ক্ষুদ্ৰ পৰিসৰত খুলিলেও সময় বাগৰাৰ লগে লগে সাহাৰ “ল’ব মুদ্ৰা কালেকচন” নামৰ ব্যতিক্রমী এই সংগ্ৰহালয়টোত বৰ্তমানে আছে বিশ্বৰ ১৯৬খন দেশৰ বিভিন্ন মুদ্ৰা। পদপথত সৰু এখন ফাষ্ট ফুডৰ দোকানেৰে পৰিয়াল পোহপাল দিয়া, নিজৰ সীমিত আৰ্থিক ক্ষমতাৰে এটা মুদ্ৰা সংগ্ৰহালয় খোলা সাহাৰ আছে এটি সুপ্ত কামনা। আশা- এদিন চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সহায়-সহযোগেৰে নিজৰ মুদ্ৰা সংগ্ৰহালয়টো অধিক জাকতজিলিকা কৰি তুলিব তেওঁ। উল্লেখ্য যে ১৯৮৪ চনৰ পৰাই মুদ্ৰা সংৰক্ষণৰ সৈতে জড়িত থকা সাহাই নিজৰ গাঁঠিৰ ধন খৰচ কৰি কলকাতা, দিল্লী, মুম্বাই আদি ঠাইত প্ৰাচীন মুদ্ৰা সংৰক্ষণৰ ওপৰত অনুষ্ঠিত হোৱা কৰ্মশালাতো অংশ লৈছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী