🔹 জৰাজীৰ্ণ বাঁহৰ দলং-শোচনীয় পথেৰে আজিও অব্যাহত যাতায়াত
নিয়মীয়া বাৰ্তা, ২৯ জুলাই : জোনাইৰ এখন গাঁৱৰ ৰাইজে আদিম যুগৰ দৰে আজিও অব্যাহত ৰাখিছে যাতায়াত। জোনাইৰ বাহিৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰুহিতপুৰ দেউৰী গাঁৱক দেশে স্বাধীনতা লাভ কৰাৰ পিছতো উন্নয়নৰ পোহৰে ঢুকি নাপালে। কেইবাখনো জৰাজীৰ্ণ বাঁহৰ দলং আৰু বোকা-পলস পথেৰে যাতায়াত অব্যাহত ৰাখিছে আজিও। ৰাইজে অভিযোগ কৰা মতে, নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতা, পালিনেতাই উন্নয়নৰ বিভিন্ন প্ৰতিশ্ৰুতি দি যায় যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত পাহৰি যায় নিৰ্বাচনৰ সময়ত দিয়া সকলো প্ৰতিশ্ৰুতি। ৰাইজে জনোৱা মতে, গাঁওখনৰ সিমূৰত MGNREGA আঁচনিৰ এখন ফলক আঁৰি থোৱা আছে যদিও এই ফলকখন ফলকভাৱেই থাকি গ’ল, কাৰ্য্যকৰী কিন্তু নহ’ল আঁচনিৰ কাম। এইক্ষেত্ৰত ৰাইজে কেইবাবাৰো স্থানীয় জনপ্ৰতিনিধিক আবেদন কৰি অহাৰ পাছতো আজিলৈকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে গাঁওখনৰ ৰাইজে।
প্ৰেৰক কৰবী দলে