নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট শিশুগৃহত ডাঙৰ হোৱা ঈশিকাৰ নতুন ঠিকনা ছুইডেন

বিশেষ বাৰ্তা, ৩০ জুলাইঃ মাতৃৰ মমতা আৰু পিতৃৰ আৱেগেৰে জীৱন জীয়াবলৈ সুদূৰ ছুইডেনৰ পৰা অসম পালেহি এটা দম্পতী। আজি যোৰহাটত উপস্থিত হৈ পিতৃ-মাতৃৰ নতুন পৰিচয়েৰে সংসাৰ যাত্ৰাত নিজ সন্তানৰ সৈতে আন এক খোজ দিবলৈ আগবাঢ়িল দুয়োজন।দুয়োৰে সুখৰ সংসাৰ চলি আছে যদিও নাছিল তেওঁলোকৰ সন্তান। সেয়ে সংসাৰ পৰিপূৰ্ণ কৰি আজি নিজ সন্তান ৰূপে আকোঁৱালি ললে যোৰহাটৰ ঈশিকাক। এক হৃদয় চুই যোৱা বাস্তৱ। এটি বিশেষভাবে সক্ষম কণমানি শিশু। নাম তাইৰ ঈশিকা। জন্মলগ্নৰে পৰা বিশেষভাবে সক্ষম আছিল কন্যা শিশুটি। বিশেষভাৱে সক্ষম হোৱাত মাতৃয়ে শিশুটিক গতাই দিছিল যোৰহাটৰ এটা শিশুগৃহত। বৰ্তমান তাইৰ বয়স আঢ়ৈ বছৰ। কিন্তু এনে সময়তে যেন শিশুটিৰ বাবে  আহিল এটি সুখবৰ। নি:সন্তান ছুইডেনৰ এটা দম্পতীয়ে এটি শিশুক নিজৰ কৰি লবলৈ দেশে দেশে চলাথ কৰিছিল। বিভিন্ন দেশৰ শিশু এডপ্টচন এজেঞ্চীৰ ৱেবছাইট চাই ফুৰিছিল। অৱশেষত তেওঁলোকৰ চকুত পৰে অসমৰ যোৰহাটৰ এটি শিশুগৃহত এটি বিশেষভাৱে সক্ষম কন্যা শিশু আছে আৰু শিশুটিক বিধিগত নিয়ম মতে তুলি লবলৈ উপযুক্ত পিতৃ-মাতৃ বিচৰা হৈছে। সেই মতে তেওঁলোকে আবেদন কৰিলে আৰু আজি এই বিশেষ দিনটোত বিদেশৰ মিষ্টাৰ কাৰ্ল আৰু মিছেছ য়ালবাৰ উমাল কোলাত সোমাই পৰিল যোৰহাটৰ ঈশিকা। ভাৰত চৰকাৰৰ শিশু হস্তান্তৰ আঁচনি “মিছন বৎস্যয়াল” মৰ্মে যোৰহাটত ছুইডেনৰ কাৰ্ল আৰু য়ালবা দম্পতীক গতাই দিয়া হল শিশুটি। যোৰহাট আবৰ্ত ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত বিধিগতভাৱে শিশুটি হস্তান্তৰ কৰাৰ লগতে যাৱতীয় চুক্তিও সম্পন্ন কৰা হয়। বিধায়ক ৰূপজ্যোতি কুৰ্মী, আইন সেৱা প্ৰাধিকৰণ, সমাজ কল্যাণ বিভাগ, শিশু কল্যাণ আয়োগ, শিশুগৃহ স্বৰাজ আদি বিভিন্ন বিভাগৰ বিষয়াৰ উপস্থিতিত এই কায্য সম্পন্ন কৰা হয়। “ঈশিকা” মানে হৈয়ে ঈশ্বৰৰ সন্তান। সেয়ে বিদেশী দম্পতীয়ে এই ধুনীয়া নামেই ৰাখিব নিজৰ দেশত। তেওঁলোক আজি বহুত সুখী বুলি মন্তব্য কৰে আৰু অসমৰ প্ৰাকৃতিক পৰিৱেশ যেনেকৈ ধুনীয়া মানুহবোৰো মৰমিয়াল বুলি কয়। এয়া বিদেশ দম্পতীৰ বহুদিনীয়া প্ৰচেষ্টা আছিল আৰু আজিৰে পৰা তেওঁলোকৰ এক নতুন যাত্ৰা আৰম্ভ হৈছে বুলি মন্তব্য কৰে কাৰ্ল আৰু য়ালবাই।এই আনন্দৰ কোনো সীমা নাই বুলি জানিবলৈ দি অসমত কেইদিনমান কটাই পাছত তেওঁলোকে দিল্লীৰ পৰা উৰা মাৰিব ছুইডেন অভিমুখে। বিশেষভাৱে সক্ষম বাবে মাতৃয়ে শিশুগৃহত চমজাই দিয়া ঈশিকা এহাল বিদেশী দম্পতীৰ কোলাত পিতৃ-মাতৃৰ মৰমেৰে উমাল হৈ থাকিব আৰু হৈ পৰিব ছুইডেনৰ নাগৰিক। উল্লেখ্য যে আফাৰ তত্ত্বাৱধানত প্ৰথমবাৰৰ বাবে আজি যোৰহাটৰ পৰা বিদেশলৈ শিশু এডপ্তৰ বাবে পঠোৱা হৈছে। আজি শিশুটিক বিদেশী দম্পতীৰ হাতত গতাই আৱেগিক হৈ পৰে শিশু সুৰক্ষা বিভাগৰ কেইবাগৰাকী কৰ্মী।শেহতীয়াকৈ তাই বিভাগৰ কৰ্মীক মা বুলি সম্বোধন কৰিবলৈ লৈছিল। এনে সময়ত তাইৰ এক সুন্দৰ ভবিষ্যতৰ বাবে আগবঢ়াই দি দুখৰ মাজতো যেন তেওঁলোকে পাইছে এক প্ৰশান্তি।
প্ৰেৰক ৰঞ্জিত ভূঞা
You might also like