ভূৰাগাঁও ৰাজহ চক্ৰৰ অৱসৰপ্ৰাপ্ত লাটমণ্ডল ভূপেন কলিতাক বিদায় সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ৩০ জুলাই : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ত আজি এক আৱেগিক পৰিবেশ। ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়াকে ধৰি সকলো কৰ্মচাৰী আৱেগিক হৈ পৰিছে। কাৰণ আজি চাকৰি জীৱনৰ পৰা অৱসৰ লৈছে এগৰাকী লাটমণ্ডলে। আজি কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে লাটমণ্ডলগৰাকীক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনাইছে। বিদায় সম্বৰ্ধনা জনাবলৈ গৈ সকলো বিষয়া-কৰ্মচাৰী আৱেগিক হৈ পৰিছে। আজি ভূৰাগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা অৱসৰ লোৱা লাটমণ্ডলগৰাকী হল ভূপেন কলিতা। ১৯৯০ চনত লাটমণ্ডল হিচাপে ভূৰাগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ত যোগদান কৰিছিল। একেটা ৰাজহ চক্ৰ কাৰ্যালয়ত ৩৫ বছৰ চাকৰি কৰি আজি অৱসৰ গ্ৰহন কৰে লাটমণ্ডল ভূপেন কলিতাই। ৰাজহ চক্ৰ কাৰ্যালয়টোত জনপ্ৰিয় লাটমণ্ডল হিচাপে পৰিচিত আছিল ভূপেন কলিতা। আজি ৰাজহ চক্ৰ বিষয়াকে ধৰি সকলো কৰ্মচাৰীয়ে লাটমণ্ডল ভূপেন কলিতাৰ কৰ্মৰাজি সোঁৱৰণ কৰি আৱেগিক হৈ পৰে। একেটা ৰাজহ চক্ৰত ৩৫ বছৰ কাম কৰাৰ অভিজ্ঞতা সুঁৱৰি অৱসৰ গ্ৰহণ কৰা লাটমণ্ডল কলিতাও আৱেগিক হৈ পৰে।
প্ৰেৰক আবুল কালাম