নিয়মীয়া বাৰ্তা, ৩ আগষ্ট : বৰপেটা জিলাৰ বাঘবৰৰ মন্দিয়া প্ৰেছ ইউনিয়নৰ পুৰণি কমিটীখন ভংগ কৰা হৈছে। পুৰণি কমিটীখন ভংগ কৰি নতুন কমিটী একেদিনাই গঠন কৰা হয়। লগতে মন্দিয়া প্ৰেছ ইউনিয়নৰ পুৰণি নামটো সলনি কৰি মন্দিয়া টাউন প্ৰেছ ক্লাব হিচাপে নামকৰণ কৰা হয়। উল্লেখযোগ্য যে ২ আগষ্টত মন্দিয়া প্ৰেছ ইউনিয়নৰ পুৰণি কমিটীখনৰ সভাপতি-সম্পাদকৰ লগতে অন্যান্য বিষয়ববীয়াৰ কাৰ্যকালৰ অন্ত পৰে । তদুপলক্ষে শুকুৰবাৰে পূৰ্বৰ কমিটীখনৰ কাৰ্যভাৰ অন্ত পৰাত পূৰ্বৰ কমিটীখনৰ উপ-সভাপতি লুটফৰ ৰহমানৰ সভাপতিত্বত এখন কাৰ্যকৰী সভা অনুষ্ঠিত কৰা হয়। য’ত সদস্যসকলৰ প্ৰস্তাৱ সমৰ্থনৰ ভিত্তিত নৱগঠিত কমিটী তথা নতুনকৈ নামকৰণ কৰা মন্দিয়া টাউন প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সভাপতি হিচাপে মণিৰ উদ্দিন মোল্লা, সাধাৰণ সম্পাদক হিচাপে দেৱান নুৰজামাল ইছলাম আৰু উপ-সভাপতি হিচাপে লুটফৰ ৰহমানক সৰ্বসন্মতিক্ৰমে সভাই নিৰ্বাচিত কৰে। সমান্তৰালকৈ ইউছুপ আলীক মন্দিয়া টাউন প্ৰেছ ক্লাবৰ সহ:সম্পাদক আৰু আব্দুল আজিজ আহমেদক কোষাধ্যক্ষ হিচাপে দায়িত্বভাৰ দিয়াৰ উপৰি শ্বহিদুল ইছলামক কাৰ্য্যালয় সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ লগতে অন্যান্য সদস্যৰ দ্বাৰা এখন শক্তিশালী পূৰ্ণাংগ কমিটী গঠন কৰা হয়। অনাগত সময়ত মন্দিয়া টাউন প্ৰেছ ক্লাবৰ নৱগঠিত কমিটীখনে পূৰ্বতকৈ আৰু অধিক দৃঢ়তাৰে সমাজৰ নিষ্পেষিত, নিপীড়িত জনগণৰ কন্ঠ হিচাপে মাত মতাৰ সমান্তৰালকৈ দুৰ্নীতি, অন্যায়ৰ বিৰুদ্ধে সদায় মাৰবান্ধি থিয় হোৱাৰ সংকল্প গ্ৰহণ কৰে।
প্ৰেৰক আব্দুল আজিজ আহমেদ