🔹 কেন্দ্রীয় চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ
নিউজ ডেস্ক, ৩ আগষ্ট : সমকামী, ৰূপান্তৰকামী আৰু যৌনকর্মীসকলৰ ৰক্তদানত নিষেধাজ্ঞা সন্দর্ভত কেন্দ্রীয় চৰকাৰলৈ জাননী প্রেৰণ কৰিলে উচ্চতম ন্যায়ালয়ে৷ কেন্দ্রীয় চৰকাৰে সমকামী, ৰূপান্তৰকামী আৰু মহিলা যৌনকর্মীসকলক ৰক্তদানৰ ক্ষেত্রত কিয় বাধা প্রদান কৰি নির্দেশনা দিছিল, সেই সন্দর্ভত ব্যাখ্যা বিচাৰিছে উচ্চতম ন্যায়ালয়ে৷ উল্লেখনীয় যে ২০১৭ চনত চৰকাৰী নির্দেশনাক লৈ বিতর্কৰ সূত্রপাত হয়৷ সেই সময়ত ৰক্তদান সন্দর্ভত এক নির্দেশনা দিছিল কেন্দ্রীয় চৰকাৰে৷ এই নির্দেশনাত কোৱা হৈছিল যে ৰূপান্তৰকামী, সমকামী পুৰুষ আৰু মহিলা যৌনকর্মীসকলে ৰক্তদান কৰিব নোৱাৰিব৷ ৰক্তদানত উপযুক্তসকলৰ তালিকাৰ পৰা তেওঁলোকক বাদ দিয়া হৈছিল৷ কাৰণ হিচাপে তেজত সংক্রমণৰ সম্ভাৱনাক তুলি ধৰা হৈছিল৷ চৰকাৰী এই নির্দেশনাত উল্লেখ কৰা হৈছিল যে এনে ব্যক্তিয়ে ৰক্তদান কৰিলে যৌনৰোগ বিয়পি পৰাৰ সম্ভাৱনা থাকে৷ এই নির্দেশনাক প্রত্যাহ্বান জনাই সমাজকর্মী তথা সাংবাদিক শ্বৰীফ ডি ৰংগনেকাৰে উচ্চতম ন্যায়ালয়ত গোচৰ তৰে৷ কালি এই গোচৰটোৰ শুনানি চলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন বিচাৰপীঠত৷ এই বিচাৰপীঠৰ পৰাই কেন্দ্রলৈ জাননী জাৰি কৰা হৈছে৷