নিয়মীয়া বাৰ্তা, ৩ আগষ্ট : জামুগুৰিহাটৰ বামুণবাৰীত আজি ৰে’লৰ খুন্দাত এজন অষ্টম শ্ৰেণীৰ ছাত্ৰৰ কৰুণ মৃত্যু হয়। মৃত্যু হোৱা ছাত্ৰজনৰ নাম লেখক কলিতা বুলি চিনাক্ত কৰা হয়। নিহত ছাত্ৰজনৰ ঘৰ জামুগুৰিহাটৰ কুসুমটোলাত। গ্ৰীষ্মবন্ধ উপলক্ষে সমনীয়াৰ ঘৰত ফুৰিবলৈ অহা ছাত্ৰজনক ৰঙিয়াৰ পৰা মুৰ্কংচেলেক অভিমুখী ৰে’লখনে খুন্দা মৰাৰ ফলত ছাত্ৰজনৰ মৃত্যু ঘটে।পিছত ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লেখক কলিতা কুসুমটোলা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে।
প্ৰেৰক হিৰণ্য বৰা