নিয়মীয়া বাৰ্তা, ৩ আগষ্ট : সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে”ৰ ব্যৱহাৰিক অৰ্থত জয়গান গাই ২০১১ চনত সমাজৰ দুখীয়া আৰু আৰ্তজনৰ ওচৰত থিয় হোৱাৰ উদ্দেশ্যে জন্ম হৈছিল ‘কৰুণাধাৰা’ৰ ৷ বিশিষ্ট কথাশিল্পী প্ৰয়াত হোমেন বৰগোহাঞিৰ মানসপুত্ৰস্বৰূপ এই কৰুণাধাৰা এতিয়া সমগ্ৰ অসমতে আৰ্তজনৰ বাবে হৈ পৰিছে এটি অন্যতম অনুষ্ঠান। সমাজৰ কল্যাণৰ বাবে কাম কৰি অহা কৰুণাধাৰাই ইতিমধ্যে বহু দুখীয়া লোকৰ হাতত প্রয়োজনীয় সময়ত তুলি দিছে আর্থিক অনুদান। এই মন্তব্য বিশিষ্ট চিকিৎসক তথা কৰুণাধাৰাৰ বজালী জিলা সমিতিৰ সভাপতি ডাঃ হিতেশ তালুকদাৰৰ। আজি পাঠশালাস্থিত বিশেষভাৱে সক্ষম শিশুসকলৰ আৱাসিক শিক্ষানুষ্ঠান তপোবনৰ সভাগৃহত আয়োজন কৰা এক চেক বিতৰণ কাৰ্যসূচীত সভাপতিত্ব কৰি ডাঃ তালুকদাৰে কয় যে সমাজৰ আৰ্থিকভাৱে জুৰুলা মানুহগৰাকীয়েও সক্ষম মানুহৰ দৰে কেনেদৰে জীয়াই থাকিব পাৰে, তাৰেই উদ্দেশ্য আগত ৰাখি আগবাঢ়ি অহা কৰুণাধাৰাই একমাত্ৰ ৰাইজৰ দান-বৰঙণিৰে লাখ লাখ দুখীয়া-দৰিদ্ৰ তথা ৰোগাক্ৰান্ত লোকৰ জীৱনলৈ আনি দিব পাৰিছে অনাবিল শান্তি। কৰুণাধাৰাৰ বজালী শাখাৰ সম্পাদক তথা বি এইচ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নয়নেন্দ্ৰ দেৱচৌধুৰীয়ে আদৰণী ভাষণ প্ৰদান কৰি কয় যে জন্মলগ্নৰ পৰাই কৰুণাধাৰাৰ বজালী শাখাই ৰুগীয়া, আৰ্তজনৰ সহায়ৰ বাবে নীৰৱে কাম কৰি আছে৷ কৰুণাধাৰাই অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ২২ লাখ ৩২ হাজাৰ টকাৰ অৰ্থসাহায্য আৰ্তজনৰ মাজত বিতৰণ কৰিছে আৰু এই টকা কোনোধৰণৰ চৰকাৰীভাৱে পোৱা টকা নহয়, এটকা-দুটকাকৈ সমাজৰ হৃদয়ৱান ব্যক্তিয়ে কৰুণাধাৰালৈ প্ৰেৰণ কৰা টকা বুলি দেৱচৌধুৰীয়ে উল্লেখ কৰি কয় যে কৰুণাধাৰালৈ দান আগবঢ়োৱা টকা আয়কৰৰ পৰা ৰেহাই পায় বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ সভাত নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পংকজ দাসে ভাষণ প্ৰসংগত কৰুণাধাৰাই আৰ্ত, দৰিদ্ৰজনৰ বাবে সহায়ৰ হাত আগবঢ়াই এক মহান কাম কৰি আহিছে বুলি উল্লেখ কৰি সমাজৰ সক্ষম লোকসকলক পাৰিলে দুখীয়া, আৰ্তজনৰ সহায়ৰ বাবে আৰ্থিক সাহায্য আগবঢ়াবলৈ আহ্বান জনায়৷ বিশিষ্ট লোকসংগীত শিল্পী তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ বসন্ত পাটগিৰিয়ে লোকগীত পৰিৱেশনৰে উপস্থিত সকলোকে আপ্লুত কৰা অনুষ্ঠানত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড০ হীৰুমণি কলিতাই কৰুণাধাৰাই তেওঁক আৰ্তজনৰ কাষলৈ যোৱাত সহায় কৰা বুলি উল্লেখ কৰি ইয়াৰ লগত নিজকে জড়িত কৰিব পাৰি সঁচাকৈয়ে ধন্য হোৱা বুলি মন্তব্য কৰাৰ লগতে প্ৰতিগৰাকী সুস্থ সবল ব্যক্তিক নিজৰ উপাৰ্জনৰ এটা সৰু অংশ হ’লেও কৰুণাধাৰাৰ জৰিয়তে আৰ্তজনলৈ আগবঢ়াবলৈ আহ্বান জনায়৷ আনহাতে, তপোবন পাঠশালাৰ সঞ্চালক কুমুদ কলিতা আৰু তেওঁৰ সহধৰ্মিণী লুকী পাটগিৰিৰ বিশেষভাৱে সক্ষম শিশুসকলৰ প্ৰতি থকা মৰম, আবদাৰ আৰু দায়বদ্ধতাই হৃদয় চুই যোৱা বুলি উল্লেখ কৰে৷ অসম সৌৰভ কৃষ্ণ ৰয়েও ভাষণ প্ৰদান কৰা অনুষ্ঠানত নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ ভূপেশ শৰ্মা, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ অধ্যক্ষ ড০ মনোজ কলিতা, পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভবেন ৰয়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি মানৱতাৰ জয়গান গাই এক মহান উদ্দেশ্যৰে আগবাঢ়ি অহা কৰুণাধাৰাক সহায়ৰ হাত আগবঢ়াবলৈ সকলোকে আহ্বান জনায়৷ আজিৰ এই অনুষ্ঠানত বজালীৰ বিভিন্ন প্ৰান্তৰ শাৰীৰিকভাৱে অক্ষম আৰু বিভিন্ন জটিল ৰোগত আক্ৰান্ত ৭গৰাকী দুখীয়া ব্যক্তিলৈ ৯৭ হাজাৰ টকাৰ চেক বিতৰণ কৰা হয়৷
প্ৰেৰক কল্যাণ কলিতা