নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাহমৰাৰ ৰাঙলী থানপথাৰত স্বামীয়ে লাঠীৰে কোবাই হত্যা কৰিলে পত্নীক

🔹 পৰপুৰুষৰে সম্পৰ্ক ৰক্ষাৰ বাবেই পত্নীক হত্যা !
বিশেষ বাৰ্তা, ৩ আগষ্ট : চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ অন্তৰ্গত ৰাঙলী থানপথাৰত স্বামীয়ে লাঠীৰে কোবাই পত্নীক হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷  প্ৰাপ্ত তথ্য অনুসৰি, চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ অন্তৰ্গত ৰাঙলী থানপথাৰ গাঁৱৰ আছাউৰ হেমৰম নামৰ ব্যক্তিজনে কালি নিশা প্ৰায় ১১ বজাত মদৰ ৰাগিত মাতাল হৈ পত্নী ৰুমী তপ্নৰ সৈতে কিবা কথাত কাজিয়া লাগি লাঠীৰে উপৰ্যুপৰি মৰিওৱাৰ ফলত মহিলাগৰাকীৰ থিতাতে মৃত্যু হয় । আনহাতে, আজি পুৱা মহিলাগৰাকীক মৃত অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত মৰাণহাট আৰক্ষীক অৱগত কৰে। লগে লগে মৰাণহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে আৰু পত্নীহন্তা আছাউৰক আটক কৰে । আছাউৰে জানিবলৈ দিয়া অনুসৰি, অন্য পুৰুষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি থকা বাবেই পত্নীক হত্যা কৰে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰে ৷
প্ৰেৰক দীপাংকৰ পাল
You might also like