🔹 ভাঙিল দুধনৈ নৈৰ মথাউৰি, প্লাৱিত শ শ বাসগৃহ
নিয়মীয়া বাৰ্তা, ৩ আগষ্ট : আজি বিয়লি হঠাতে ছিগিল দুধনৈ নৈৰ মথাউৰি ৷ মেঘালয়ৰ পৰা নামি অহা পানীৰ ধলে নিমিষতে হাহাকাৰ লগালে কেইবাখনো গাঁৱত ৷ আকস্মিকভাৱে অহা পানীৰ ধলত প্লাৱিত হয় কেইবাখনো গাঁও ৷ এদিনৰ মুষলধাৰ বৰষুণৰ পিছতে মেঘালয়ৰ পৰা বৈ অহা পানীৰ ধলে বামুণপাৰাত ছিঙিলে দুধনৈ নৈৰ মথাউৰি ৷ মাটিয়াৰ নন্দেশ্বৰ, বামুণপাৰা গাঁৱত হাহাকাৰময় পৰিৱেশ-পৰিস্থিতি ৷ গোৱালপাৰা জিলাৰ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দুধনৈ সমষ্টিৰ নন্দেশ্বৰ-দৰংগিৰি গড়কাপ্টানী পথৰ ওপৰেৰে পানী বাগৰাৰ সমান্তৰালভাৱে উক্ত গড়কাপ্টানী পথটোৰ এটা অংশ পানীৰ ধলে উটুৱাই লৈ যায় ৷ ফলত যাতায়াত সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে দৰংগিৰি-নন্দেশ্বৰ পথত ৷ ৩০ মিনিটতে বুৰিল শ শ লোকৰ বাসগৃহ। আকস্মিক দুৰ্যোগত কিংকৰ্তব্যবিমূঢ় হৈ পৰে ৰাইজ ৷ হঠাৎ অহা পানীৰ ধলে মথাউৰি ভাঙি হোৰাহোৰে পানী সোমাৱাত নিমিষতে বাসগৃহসমূহত পানী সোমাবলৈ ধৰে আৰু আধাঘণ্টাৰ ভিতৰতে প্ৰায়বোৰ ঘৰ পানীত বুৰ যায়। নিজৰ জীৱন ৰক্ষা কৰি মানুহে ওখ ঠাইত আশ্ৰয় লয় যদিও ঘৰৰ ভিতৰত থকা কোনো আচবাব, সা-সম্পত্তি উলিয়াবলৈ সক্ষম নহ’ল ৷ অধিকাংশ লোকৰ বহু সামগ্ৰী উটি যোৱাৰ লগতে ভঁৰালৰ ধানৰো বিস্তৰ ক্ষতিসাধন হয় ৷ ইফালে, গাঁওকেইখনত উপস্থিত হয় মাটিয়াৰ ৰাজহ চক্ৰ বিষয়াসহ প্ৰশাসনৰ লোক ৷ লগে লগে আৰক্ষী, SDRFৰ লোকো উপস্থিত হৈ গাঁওকেইখনত উদ্ধাৰ অভিযান চলায়। ৰাইজৰ অভিযোগ অনুসৰি, দীৰ্ঘদিনৰ পৰাই দুৰ্বল হৈ থকা মথাউৰি মেৰামতি নকৰাৰ ফলতে এনেদৰে হঠাৎ মথাউৰি ভাঙি জলমগ্ন হৈ পৰে বহু গাঁও ৷
প্ৰেৰক বেনজিন বড়ো