নিয়মীয়া বাৰ্তা, ৩ আগষ্ট : মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ অন্তৰ্গত নেলী দহোতিহাবী গাঁৱৰ জেহিৰুল ইছলাম (৪২) নামৰ এজন নাবালিকা ধৰ্ষণকাৰীক মৰিগাঁৱৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে আজি পাঁচ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ উপৰি পাঁচ হাজাৰ টকাৰ জৰিমনা বিহে। প্ৰাপ্ত তথ্য মতে, জেহিৰুল ইছলাম নামৰ লোকজনে ছয় বছৰ পূৰ্বে অঞ্চলটোৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল। এই ঘটনাৰ পাছতে নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে জাগীৰোড থানাত ১৮৬/২০১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল। এই ঘটনাটোৰ ক্ষিপ্ৰতাৰে তদন্ত কৰি জাগীৰোড আৰক্ষীয়ে মৰিগাঁৱৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতত অভিযোগনামা দাখিল কৰিছিল। নাবালিকা ধৰ্ষণৰ উক্ত গোচৰ আৰু অভিযোগনামাৰ ভিত্তিত আজি মৰিগাঁৱৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে পকছ’ গোচৰ নং- ১৫/২০১৮ৰ অধীনত বিচাৰ প্ৰক্ৰিয়া চলাই বিশেষ ন্যায়াধীশ এন এ আহমেদে পকছ’ আইনৰ ৮ ধাৰাত দোষী সাব্যস্ত কৰি নাবালিকা ধৰ্ষণকাৰী জেহিৰুল ইছলামক পাঁচ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ উপৰি পাঁচ হাজাৰ টকাৰ জৰিমনা বিহে। ধাৰ্য কৰা জৰিমনাৰ ধন অনাদায়ে অতিৰিক্ত দহ দিনৰ কাৰাদণ্ডৰ আদেশ জাৰি কৰিছে।
প্ৰেৰক প্ৰতাপ হাজৰিকা