🔹 অশ্লীল ভিডিঅ’ প্রস্তুত কৰি ব্লেকমেইলিং
🔹 তেলেংগানা আৰক্ষীৰ জালত সাতগাঁৱৰ বাঘৰবড়ীৰ এলাহী বক্স
বিশেষ বাৰ্তা, ৪ আগষ্ট : চিকিৎসকৰ পিছত এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্য হৈছে অভিযন্তা৷ চাঞ্চল্যকৰ ঘটনাটোৰ পটভূমি হায়দৰাবাদ যদিও অসম হৈ পৰিছে উক্ত ঘটনাৰ মূল অভিকেন্দ্র৷ উল্লেখ্য যে যোৱা ৩ জুলাইতে সংঘটিত হৈছিল ঘটনাটো৷ হায়দৰাবাদ আৰক্ষীয়ে সাতগাঁও আৰক্ষীৰ সহযোগত যোৱা ১ আগষ্টত বাঘৰবড়ীৰ পৰা ঘটনাৰ মূল অভিযুক্ত এলাহী বক্সক (৩৬) গ্রেপ্তাৰ কৰাৰ পিছতে সমগ্র কাণ্ড পোহৰলৈ আহিছে৷ আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে, হায়দৰাবাদ নিৱাসী চৰকাৰী এটা বিভাগৰ অৱসৰপ্রাপ্ত মুখ্য অভিযন্তা জে দক্ষিণামূর্তিৰ এটা অশ্লীল ভিডিঅ’ সংগ্রহ কৰিছিল এলাহী বক্স নামৰ লোকজনে৷ পেছাত এজন দর্জী হিচাপে কর্মৰত ধৃত এলাহী বক্সে হায়দৰাবাদত থকা সময়ছোৱাত উক্ত ভিডিঅ’টোৰ লগতে অভিযন্তাজনৰ ফোন নম্বৰো সংগ্রহ কৰিছিল৷ তাৰ পিছতে যোৱা ৩ জুলাইত নিজকে মুম্বাইৰ অপৰাধ শাখাৰ বিষয়া হিচাপে পৰিচয় দি উক্ত লোকজনক ফোনযোগে তেওঁৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু হোৱা বুলি কয়৷ অকলে সেয়াই নহয়, তাৰ পিছতে সংগৃহীত অশ্লীল ভিডিঅ’টো অভিযন্তাগৰাকীলৈ প্রেৰণ কৰি ভিডিঅ’টো ভাইৰেল কৰাৰ লগতে জে’লত ভৰাই থ’ম বুলি কৈ ধন দাবী কৰে৷ সন্মান হেৰুওৱাৰ ভয়ত ভীতিগ্রস্ত অভিযন্তাজনে কিছু ধন এলাহী বক্সে কোৱা মতে এক নির্দিষ্ট লিংকত এছবিআইৰ একাউণ্টলৈ প্রেৰণ কৰে৷ তাৰ পিছতে এলাহী বক্সে আৰম্ভ কৰে চাইবাৰ প্রৱঞ্চনাৰ কাম৷ উক্ত অভিযন্তাজনৰ বেংক একাউণ্টৰ পৰা তাৰ পিছতে ধৃত লোকজনে মুঠ ৪.৮২ কোটি টকা লুট কৰি নিয়ে৷ উক্ত কাণ্ডত ধৃত এলাহী বক্সৰ লগতে আন কেইবাজনো লোক জড়িত থকাৰ সম্ভাৱনাৰ কথা প্রকাশ কৰিছে আৰক্ষী সূত্রটোৱে৷ ইপিনে, নিজৰ বেংক একাউণ্টৰ পৰা বুজন পৰিমাণৰ ধন ক্রমাৎ অন্তর্ধান হৈ পৰাৰ পিছতে অভিযন্তাজনে এই সন্দর্ভত হায়দৰাবাদ আৰক্ষীৰ চাইবাৰ কোষৰ কাষ চাপি ১৬/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ উক্ত গোচৰৰ ভিত্তিতে হায়দৰাবাদ আৰক্ষীৰ চাইবাৰ কোষে তদন্ত আৰম্ভ কৰে৷ বিগত এমাহ ধৰি চলোৱা তদন্তৰ পিছতেই গুৱাহাটীৰ পৰা উক্ত ধনখিনি অভিযন্তাজনৰ একাউণ্টৰ পৰা যে লুট হৈছিল, সেই সন্দর্ভত হায়দৰাবাদ আৰক্ষী নিশ্চিত হয়৷ সূত্রটোৱে সদৰী কৰা মতে, ধৃত এলাহী বক্সৰ ম’বাইল ফোন ট্রেক কৰি যোৱা ৩১ জুলাইত এই সন্দর্ভত হায়দৰাবাদ আৰক্ষীয়ে বিষয়টো মহানগৰ আৰক্ষীক অৱগত কৰাৰ লগতে যোৱা ১ আগষ্টত হায়দৰাবাদ আৰক্ষীৰ দল এটাই গুৱাহাটীলৈ আহি বাঘৰবড়ীৰ ঘৰৰ পৰাই এলাহী বক্সক গ্রেপ্তাৰ কৰাৰ লগতে আদালতত হাজিৰ কৰি ট্রেনজিট ৰিমাণ্ডত ধৃত অপৰাধীটোক অধিক জেৰাৰ বাবে হায়দৰাবাদলৈ নিয়ে৷ ধৃত এলাহী বক্সৰ সৈতে এই সমগ্র কাণ্ডত আন বহু লোক জড়িত হৈ থকাৰো সন্দেহ কৰিছে হায়দৰাবাদ আৰক্ষীয়ে৷ উক্ত ঘটনাটোৱে সম্প্রতি ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷