🔹 পাণবাৰীৰ বগিদ্বাৰাত পুখুৰীত উদ্ধাৰ হৈছিল ময়নাল হকৰ মৃতদেহ
নিয়মীয়া বাৰ্তা, ৪ আগষ্ট : চিৰাঙৰ বিজনীৰ পাণবাৰী ২নং বগিদ্বাৰাত সংঘটিত হত্যাকাণ্ডৰ ২০ দিন পিছত গ্ৰেপ্তাৰ কৰা হ’ল চাৰি হত্যাকাৰীক। ধৃত হত্যাকাৰীকেইটা ইছলামুদ্দিন আলী (৩০), বাহাৰুল ইছলাম (২৮), আজিবৰ ৰহমান (২৪) আৰু বিল্লাল হুছেইন (৩৬)। হত্যাকাৰীকেইটাক দুই দিনৰ আৰক্ষীৰ জিম্মাত লৈছে পাণবাৰী থানাৰ আৰক্ষীয়ে। উল্লেখ্য যে বিগত ১৪ জুলাইত বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত ২নং বগিদ্বাৰাত এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল বগিদ্বাৰা নিৱাসী শ্ৰমিক ময়নাল হকৰ (৪৮) মৃতদেহ। স্থানীয় বিল্লাল হুছেইনৰ ঘৰৰ পিছফালে থকা পুখুৰীত উদ্ধাৰ হৈছিল মৃতদেহটো। মৃতদেহত আঘাতৰ চিন থকাত হত্যাৰ সন্দেহত পৰিয়ালৰ লোকে পাণবাৰী থানাত এজাহাৰ দাখিল কৰিছিল। অৱশেষত পাণবাৰী থানাৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত 47/24 নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰে ইছলামুদ্দিন আলী, বাহাৰুল ইছলাম, আজিবৰ ৰহমান আৰু বিল্লাল হুছেইনক। ইফালে, ঘটনা সংক্ৰান্তত কালি জিলা আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়া ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰে। কি কাৰণত ময়নাল হকক হত্যা কৰিলে, সেয়া পোহৰলৈ অহা নাই যদিও কালি হত্যাকাৰীকেইটাক আদালতত হাজিৰ কৰি দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয়।
প্ৰেৰক বৰ্ণালী তালুকদাৰ