নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বইটামাৰীত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল প্ৰাক্তন আছু কৰ্মীৰ

 🔹 পুৱাই ম্লান পৰিল বোলবমৰ উছাহ

নিয়মীয়া বাৰ্তা, ৫ আগষ্ট : বঙাইগাঁও জিলাৰ বইটামাৰীত আজি পুৱাই সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী বোলবম যাত্ৰীৰ মৃত্যুত ম্লান পৰে বোলবমৰ উছাহ। বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত তালগুৰিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। জানিব পৰা মতে, বিলাসীপাৰাৰ পৰা উত্তৰ শালমাৰা দিশে এ এছ-১৭ এম-১৩৩৩ নম্বৰৰ বাইকেৰে আহি থকা বোলবম যাত্ৰী এগৰাকীক এখন বাহনে খুন্দিয়াই পলায়ন কৰে। ফলত বোলবম যাত্ৰীগৰাকী পথত ছিটিকি পৰে। লগে লগে পথচাৰী আৰু অন্যান্য বোলবম যাত্ৰীসকলে ১০৮ এম্বুলেঞ্চেৰে দুৰ্ঘটনাত পতিত বোলবম যাত্ৰীগৰাকীক বইটামাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু তাত চিকিৎসকে ইতিমধ্যে বোলবম যাত্ৰীগৰাকীৰ মৃত্যু হৈছে বুলি ঘোষণা কৰে। পিছত নিহত বোলবম যাত্ৰীগৰাকী ধুবুৰী জিলাৰ বিলাসীপাৰাৰ দুৰ্গাপুৰৰ সুৰজিৎ সৰকাৰ ওৰফে চুনু বুলি চিনাক্ত হয়। সুৰজিতে আজি পৱিত্ৰ শাওণ মাহৰ তৃতীয় সোমবাৰ উপলক্ষে পুৱতি নিশা ঘৰৰ পৰা ওলাই আন বোমবম যাত্ৰীৰ লগত বহলপুৰৰ পাতালপুৰ সিদ্ধ যোগাশ্ৰমত পূজা-অৰ্চনা কৰে। ইয়াৰ পিছত সুৰজিতে বঙাইগাঁও জিলাৰ খগৰপুৰ মহাৰাণী মন্দিৰলৈ পূজা কৰিবলৈ আহি আছিল। উল্লেখ্য যে সুৰজিৎ বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আছিল। মৃত্যুৰ সময়ত যুৱকজনে পত্নী, পিতৃ-মাতৃ আৰু ভগ্নীক এৰি যায়। সৰবৰহী যুৱক তথা প্ৰাক্তন আছু কৰ্মীগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিলাসীপাৰা-বইটামাৰী অঞ্চলত শোকৰ ছাঁ পৰে। প্ৰাক্তন আছু কৰ্মীগৰাকীৰ মৃত্যুত সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থা, বঙাইগাও জিলা ছাত্ৰ সন্থাই শোক প্ৰকাশ কৰিছে।

প্ৰেৰক ৰুবুল কান্তি দাস

You might also like