বহুমুখী শিক্ষা-গৱেষণা প্ৰতিষ্ঠানলৈ উন্নীত হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয় : ৰণোজ পেগু
বিশেষ বাৰ্তা, ৭ আগষ্টঃ আবণ্টন দিয়া দুশ কোটি টকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰকল্প ৰূপায়ন কৰিবলৈ ৰূপৰেখা প্ৰস্তুত কৰাৰ নিদেশ ৰাজ্যৰ শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ উন্নীতকৰণৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। প্ৰধানমন্ত্ৰী উচ্চ শিক্ষা অভিযান আৰু ৰাজ্য চৰকাৰে আৱন্টন দিয়া দুশ কোটি টকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰকল্প ৰূপায়ন কৰিবলৈ ৰূপৰেখা প্ৰস্তুত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দুশ টকীয়া প্ৰকল্পৰ ৰূপৰেখা সম্পৰ্কে আলোচনাৰ অন্ততঃ এক সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি সৱলীকৰণৰ বাবে ৰূপায়ন কৰিবলগীয়া প্ৰকল্পৰ প্ৰমাণিত স্থপতিবিদৰ জৰিয়তে ৰূপৰেখা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা পৰিকল্পনা, ছাত্ৰীৱাসৰ আসন বৃদ্ধি, নতুন ছাত্ৰাৱাস, একাডেমীক ভৱন নিৰ্মাণ, পৰীক্ষাগাৰসমূহ উন্নয়ন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। অন্যহাতে উচ্চ শিক্ষানুষ্ঠানসমূহত মাচুল সন্দৰ্ভত মন্তব্য শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। সাংবাদিকে সোধা এক প্ৰশ্নত ডাঃ পেগুৱে কয়, ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ তুলনাত চৰকাৰী মহাবিদ্যালয়সমূহত মাচুল বৃদ্ধি হোৱা নাই। ইতিমধ্যে ৯০ শতাংশ ছাত্র-ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা কৰা হৈছে। মাচুল বৃদ্ধি হ’লে চৰকাৰৰ লোকচান হয়। কাৰণ বিনামূলীয়াকৈ নামভৰ্তি হোৱা ছাত্র-ছাত্ৰীসকলৰ মাচুল চৰকাৰে পৰিশোধ কৰিব লাগে। ইতিমধ্যে ৬৮ কোটি টকা চৰকাৰী মহাবিদ্যালয়সমূহলৈ মোকলাই দিয়া হৈছে। ইউ এছ টি এমৰ মাচুলৰ লগত তুলনা কৰিলে চৰকাৰী শিক্ষানুষ্ঠানৰ মাচুল আকাশ-পাতাল পাৰ্থক্য। উল্লেখযোগ্য যে সংবাদ মেলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা, পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিষয়া উপস্থিত থাকে।
প্ৰেৰক বিভাস দুৱৰা