নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিমুখী ঝাৰখণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ আগষ্টঃ ঝাৰখণ্ডৰ শাসকীয় জেএমএমৰ অন্তঃকন্দল বৃদ্ধি পাইছে৷ ঝাৰখণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী হেমন্ত ছোৰেনে উচ্চ ন্যায়ালয়ৰ পৰা জামিনত মুক্তিলাভ কৰাৰ পিছতে মুখ্যমন্ত্রী চম্পাই ছোৰেনক আঁতৰাই পুনৰ মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে৷ জেএমএমৰ নেতা তথা প্রাক্তন মুখ্যমন্ত্রী হেমন্ত ছোৰেনৰ এই স্থিতিক লৈ অসন্তুষ্ট প্রাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেনে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা প্রবল হৈ পৰিছে৷ জেএমএমৰ প্রাক্তন বিধায়ক লবীন হেমব্রমে প্রকাশ কৰা মতে, যিধৰণে চম্পাই ছোৰেনক মুখ্যমন্ত্রী পদৰ পৰা আঁতৰ কৰা হৈছে তাৰ বাবে তেওঁ অসন্তুষ্ট হৈ আছে৷ এনে পৰিপ্রেক্ষিততে চম্পাই ছোৰেনে বিজেপি নেতৃত্বৰ সৈতে সম্পর্ক ৰক্ষা কৰি আছে৷ ঝাৰখণ্ডত নির্বাচনক লৈ বিজেপিয়ে টঙালি বন্ধাৰ সময়তে জেএমএমৰ নেতা তথা প্রাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেনে গেৰুৱা দলটোত যোগদানক লৈ চর্চা আৰম্ভ হোৱাত ৰাজ্যখনৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷ মুখ্যমন্ত্রী হেমন্ত ছোৰেনক লৈ একাংশ জেএমএমৰ বিধায়ক ক্ষুণ্ণ হৈ আছে বুলিও তথ্যত প্রকাশ পাইছে৷

You might also like