নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃদ্ধি পালে গোল্ডেন বয় নীৰজ চোপ্রাৰ ব্রেণ্ড মূল্য

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ আগষ্টঃ সদ্যসমাপ্ত পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰাৰ পাছত ‘গোল্ডেন বয়’ নীৰজ চোপ্রাই একেৰাহে দ্বিতীয়টো পদক লাভ কৰা প্রথমজন ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে পৰিগণিত হৈছে৷ যদিও নীৰজে টকিঅ’ অলিম্পিকত লাভ কৰাৰ দৰে স্বর্ণ পদক লাভ কৰিব নোৱাৰিলে, তথাপি ভাৰতীয় জেভেলিন থ্র’ৱাৰগৰাকীয়ে চলিত অলিম্পিকত সর্বোত্তম প্রদর্শন আগবঢ়াই ৮৯.৪৫ মিটাৰ থ্র’ৰে ৰূপৰ পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনে৷ এই ঐতিহাসিক কৃতিত্বই চোপ্রাক ভাৰতৰ সর্বশ্রেষ্ঠ ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে মর্যাদা প্রদান কৰাই নহয়, তেওঁৰ ব্রেণ্ড মূল্যও যথেষ্ট বৃদ্ধি কৰিছে, যাৰ ফলত তেওঁ সকলো ব্রেণ্ডৰ বাবে আটাহতকৈ প্রিয় ভাৰতীয় ক্রীড়া আইকন হিচাপেও পৰিগণিত হৈছে৷ বছৰ বছৰ ধৰি এছিয়ান গেমছ, বিশ্ব চেম্পিয়নশ্বিপ, কমনৱেলথ গেমছ আৰু ডায়মণ্ড লীগত জয়লাভ কৰি ট্ৰেক এণ্ড ফিল্ডত ধাৰাবাহিকভাৱে উৎকৃষ্টতা প্রদর্শন কৰা নীৰজে ভিছা, ছেমছাং, ওমেগা, আণ্ডাৰ আর্মাৰ, কোকাকোলা, ২০১৯ৰ দৰে বিশ্বব্যাপী ব্রেণ্ডৰ সৈতে জড়িত হৈ আছে৷ ব্রিটেনিয়া আৰু ভাৰত পেট্ৰ’লিয়াম আদি বিখ্যাত ব্রেণ্ডৰ শীর্ষ পর্যায়ৰ এম্বেছাডৰ হৈ আহিছে৷ ইয়াৰ উপৰি পেৰিছত তেওঁৰ ঐতিহাসিক কৃতিত্বৰ ফলত বাণিজ্যিক মূল্য ৪০–৫০ শতাংশ বৃদ্ধি পাহছে৷ অ’টোমোবাইল, বেংকিং, লজিষ্টিক, ৰিয়েল ইষ্টেট আৰু দ্রুত কমার্চকে ধৰি বিভিন্ন খণ্ডৰ আগশাৰীৰ ব্রেণ্ডসমূহে নীৰজৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ আগ্রহ প্রকাশ কৰিছে৷ পেৰিছৰ পিছত নীৰজৰ ব্রেণ্ড মূল্যৰ বিষয়ে জনাই জে এছ ডব্লিউ স্প’ৰ্টছৰ মুখ্য বাণিজ্যিক বিষয়া কৰণ যাদৱে কয়– নীৰজ ভাৰতৰ আটাহতকৈ আইকনিক এথলীট৷ ধাৰাবাহিকভাৱে অলিম্পিকত তেওঁ স্বর্ণ আৰু ৰূপৰ পদক লাভ কৰিছে৷ বিশ্বৰ আন আন ডাঙৰ ডাঙৰ ইভেণ্টতো তেওঁ ধাৰাবাহিকভাৱে ভাল প্রদর্শন কৰি আছে৷

You might also like