২০৩০ত ভাৰতৰ ভূমিত যুৱ অলিম্পিকত ক্রিকেট!
🔹 ক্রিকেট অন্তর্ভুক্তিৰ বাবে আইঅ’চিৰে আলোচনাত বহিব আইচিচি
নিউজ ডেস্ক, ১৯ আগষ্ট : ২০২৮ চনত লছ এঞ্জেলছত অনুষিষ্ঠত হ’ব পৰৱর্তী অলিম্পিক মহাসমাৰোহ৷ আগন্তুক বৃহৎ প্রতিযোগিতাখনত অন্তর্ভুক্ত হ’ব ভাৰতৰ আটাইতকৈ জনপ্রিয় ক্রীড়া ক্রিকেট৷ ইতিমধ্যে আন্তর্জাতিক অলিম্পিক সন্থাই এই কথা ঘোষণা কৰিছে৷ ইয়াৰ পিছত ২০৩০ চনত অনুষ্ঠিত হ’ব যুৱ অলিম্পিক গেমছ৷ সেই প্রতিযোগিতাখন আয়োজন কৰিবলৈ তৎপৰ হৈ পৰিছে ভাৰত৷ খবৰ অনুসৰি যুৱ অলিম্পিকতো ক্রিকেট অন্তর্ভুক্ত কৰাৰ চেষ্টা চলিছে৷ ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিবলৈ আগ্রহ প্রকাশ কৰিছে ভাৰতে৷ স্বাধীনতা দিৱসত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাষণতো এই কথা প্রকাশ পাইছে৷ এই বৃহৎ প্রতিযোগিতাখন আয়োজন কৰাৰ পূর্বে ২০৩০ চনৰ যুৱ অলিম্পিক অনুষ্ঠিত কৰি প্রস্তুতি চলোৱাৰ পৰিকল্পনা কৰা হৈছে৷ মুম্বাই চহৰক সন্মুখত ৰাখি আগুৱাব বিচাৰিছে ভাৰতীয় অলিম্পিক সন্থা৷ যুৱ অলিম্পিকৰ সাফল্যৰ ওপৰত নির্ভৰ কৰিব ভাৰতৰ মাটিত ২০৩৬ চনত আয়োজন কৰিব বিচৰা অলিম্পিকৰ ভৱিষ্যৎ৷ ইয়াৰ পূর্বেই ২০৩০ত যুৱ অলিম্পিকত ক্রিকেট অন্তর্ভুক্ত কৰিব বিচাৰিছে আইচিচিয়ে৷ ক্রিকেটাৰ নিয়ামক সংস্থাটোৰ খবৰ অনুসৰি আইচিচিৰ উন্নয়নমূলক বিভাগৰ কর্মকর্তা উইলিয়াম গ্লেনৰাইটে এই পৰিকল্পনাক লৈ যথেষ্ট আশাবাদী৷ আইঅ’চিৰ সৈতে আলোচনা আৰম্ভ কৰিলে ফলাফল যে ইতিবাচক হ’ব সেই কথাও জনাইছে তেওঁ৷ আইচিচিয়ে প্রস্তাৱ দিছে যে প্রতিযোগিতাখনলৈ পুৰুষ আৰু মহিলাৰ মুঠ ৬টাকৈ দল পঠিওৱা হওক৷ কাৰণ, আইঅ’চিৰ পৰা মুঠ প্রতিযোগীৰ সংখ্যা নির্ধাৰণ কৰি দিয়া হৈছে৷ উল্লেখ্য যে যোৱা বছৰ মুম্বাইত আইঅ’চিৰ সভা অনুষ্ঠিত হৈছিল৷ উক্ত সভাতে জনাই দিয়া হৈছিল যে ২০৩০ৰ যুৱ অলিম্পিক আৰু ২০৩৬ৰ অলিম্পিক গেমছ আয়োজনৰ দাবী জনাব বিচাৰে ভাৰতে৷ এই প্রসংগত বিবেক গোপানালে আইচিচিৰ কর্মকর্তাসকলক জনায় যে ২০৩০ৰ যুৱ অলিম্পিকত ক্রিকেট অন্তর্ভুক্ত কৰাৰ বাবে মুম্বাইতকৈ ভাল ভ্যেনু আন ক’তো হ’ব নোৱাৰে৷ উল্লেখ্য যে অন্তিমবাৰ অলিম্পিকত ক্রিকেট অনুষ্ঠিত হৈছিল ১৯০০ চনত৷ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি লালকিল্লাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাষণত উল্লেখ কৰিছিল যে দেশৰ মাটিত অলিম্পিক আয়োজন আমাৰ স্বপ্ণ৷ সেই স্বপ্ণ পূৰণৰ লক্ষ্যৰে দেশ আগবাঢ়িছে বুলিও তেওঁ ঘোষণা কৰিছিল৷ প্রধানমন্ত্রীয়ে ভাষণত কয়– ২০৩৬ৰ অলিম্পিকৰ বাবে দাবী জনাব বিচাৰে ভাৰতে৷ তাৰ বাবে প্রস্তুতিও আৰম্ভ হৈছে৷ যদি শেষ পর্যন্ত দেশৰ মাটিত অলিম্পিক আয়োজন কৰিব পৰা যায়, তেনেহ’লে সৃষ্টি হ’ব নতুন ইতিহাস৷ ইয়াৰ পূর্বে ভাৰতে সফলভাৱে এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ আয়োজন কৰিছে৷ অৱশ্যে ইয়াৰ তুলনাত অলিম্পিক যথেষ্ট বৃহৎ প্রতিযোগিতা৷ ইয়াৰ পূর্বে ২০৩০ত যুৱ অলিম্পিকৰো আয়োজন কৰিবলৈ প্রস্তুতি চলাইছে ভাৰতে৷