নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিমলা চলচ্চিত্ৰ মহোৎসৱত আইৰন গাৰ্লছলৈ স্পেচিয়েল জুৰী এৱাৰ্ড

নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ অসমৰ হেৰাই যাবলৈ লোৱা ওজাপালি আৰু দেওধনী লোকসংস্কৃতিক বিশ্বদৰবাৰলৈ উলিয়াই নিয়াৰ প্ৰয়াসেৰে তিনি বছৰ গৱেষণাৰ অন্তত পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যাপক তথা চলচ্চিত্ৰ পৰিচালক ৰাজেন দাসে নিৰ্মাণ কৰা অসমীয়া চলচ্চিত্ৰ আইৰন গাৰ্লছলৈ আহিছে বিশেষ সাফল্য৷ যোৱানিশা হিমাচল প্ৰদেশৰ ৰাজধানী চহৰ চিমলাত সামৰণি পৰা দশম আন্তঃৰাষ্ট্ৰীয় চিমলা চলচ্চিত্ৰ মহোৎসৱত ৰাজেন দাস পৰিচালিত অসমৰ ছবি আইৰন গাৰ্লছে বহুসংখ্যক চলচ্চিত্ৰৰ মাজৰ পৰা কঠিন প্ৰতিদ্বন্দ্বিতাক অতিক্ৰম কৰি শ্ৰেষ্ঠ চলচ্চিত্ৰ শিতানত “SPECUAL JURY FEATURE FILM AWARD“ লাভ কৰিবলৈ সক্ষম হয়৷ যোৱানিশা ছিমলাৰ ঐতিহাসিক গেইটি থিয়েটাৰত হিমাচলৰ ৰাজ্যপাল শিৱ প্ৰতাপ শুক্লাই পৰিচালক ৰাজেন দাসৰ হাতত এই পুৰস্কাৰ তুলি দিয়ে৷ উল্লেখ্য যে ১৬ আগষ্টত ছিমলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰিছিল ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বলীউডৰ অভিনেত্ৰী তথা বেণ্ডিত কুইনখ্যাত সীমা বিশ্বাসে৷ তিনি দিন ধৰি চলা এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ২২খন বিদেশী ৰাষ্ট্ৰৰ লগতে ভাৰতৰ ২৭খন ৰাজ্যই যোগদান কৰিছিল৷ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, কেন্দ্ৰীয় ফিল্ম বোৰ্ড, NFDC, হিমাচল প্ৰদেশ চৰকাৰৰ সহযোগত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত যোৱা তিনিদিনত Official Selection লাভ কৰা দেশী বিদেশী ছবি সমূহ প্ৰদৰ্শন কৰা হৈছিল৷ অসমৰ পৰা উৎপল দত্তৰ তথ্যচিত্ৰ ফাগু খেলে কৰুণাময়, পৰিচালক পাৰ্থজিৎ বৰাৰ চলচ্চিত্ৰ নেলীৰ কথা আৰু ৰাজেন দাসৰ চলচ্চিত্ৰ আইৰন গাৰ্লছ প্ৰদৰ্শন হৈছিল৷ কঠিন প্ৰতিদ্বন্দ্বিতাৰ অন্তঃত ৰাজেন দাসৰ চলচ্চিত্ৰ আইৰন গাৰ্লছে এই সন্মান কঢ়িয়াই অনাত অসমৰ চলচ্চিত্ৰ জগতত উৎসাহৰ সৃষ্টি হৈছে৷ অধিক সংখ্যক পুৰস্কাৰ আজুৰি নিয়ে ইৰানৰ চলচ্চিত্ৰসমূহে৷ উল্লেখ্য যে পুৰস্কাৰ প্ৰদান অনুষ্ঠানত আইৰন গাৰ্লছ পৰিয়ালৰ তৰফৰ পৰা পৰিচালক ৰাজেন দাসৰ সতে উপস্থিত আছিল চলচ্চিত্ৰখনৰ সহযোগী পৰিচালক মীনাক্ষি দাস, অভিনেত্ৰী আশা বৰদলৈ, অভিনেত্ৰী জেচমিন দাস আৰু শিশু শিল্পী পাৰ্থিৱ পিনাক দাস৷ মহোৎসৱত উপস্থিত থকা অসমৰ প্ৰখ্যাত লেখক-সমালোচক উৎপল দত্ত, পৰিচালক পাৰ্থজিৎ বৰুৱাই চিমলাৰ ঐতিহাসিক গেইটি থিয়েটাৰত ৰাজ্যপালৰ সন্মুখত মহোৎসৱ কৰ্তৃপক্ষই জুৰীৰ অনুমতি অনুসৰি l আইৰন গাৰ্লছক বিজয়ী ঘোষণা কৰাৰ লগে লগে টিম আইৰন গাৰ্লছ পৰিয়ালক অভিনন্দন জনায়৷ সামৰণী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে মহোৎসৱত উপস্থিত থকা অভিনেত্ৰী সীমা বিশ্বাসে পৰিচালক ৰাজেন দাসক অসমৰ এই সাফল্যৰ বাবে অভিনন্দন জনায়৷ অসমৰ বিভিন্ন দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে ইতিমধ্যেই এই খবৰ লাভ কৰি পৰিচালক ৰাজেন দাসলৈ অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছে৷ আনহাতে অসমৰ চলচ্চিত্ৰৰ এই সাফল্যত পৰিচালক ৰাজেন দাসৰ গৃহ জিলা বজালী আৰু ওপজা গাঁও পাটাছাৰকুছিৰ সমীপৱৰ্তী ভালুকীত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ পৰিচালকগৰাকীৰ কৰ্মভূমি স্থানীয় নিৰ্মল হালৈ মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ মাজতো আনন্দৰ বন্যা বৈছে৷ উল্লেখ্য যে পৰিচালক ৰাজেন দাসে ইতিমধ্যেই এই পুৰস্কাৰ অসমৰ সকলো ওজাপালি আৰু দেওধনী লোকশিল্পীৰ নামত উছৰ্গা কৰিছে৷

প্ৰেৰক উৎপল মেধি

You might also like