ধুবুৰীত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী মহিলাক কৰায়ত্ত
নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ ধুবুৰী চহৰৰ মাজমজিয়াৰ বৰলুইতৰ যোগমায়া পাৰঘাটৰ সমীপত অবৈধভাৱে অসমলৈ প্ৰৱেশ কৰা এগৰাকী বাংলাদেশী মহিলা কৰায়ত্ত হৈছে। মহিলাগৰাকীৰ ভাষ্যনুসৰি বাংলাদেশৰ ঢাকাৰ পৰা স্বামীসহ দুই দালাল চক্ৰৰ সহযোগত ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ ধুবুৰীলৈ আহিছে তেওঁ। দালাল চক্ৰটোৰ দুজনীয়া দলটোৰ আলী নামৰ দালালজন ইপিনৰ এটা চৰাঞ্চলৰ আৰু হালিম নামৰ অইনজন বাংলাদেশৰ ঢাকাৰ বুলি সাংবাদিকক জনাইছে বাংলাদেশী মহিলাগৰাকীয়ে। মাথোঁ বাংলাদেশী মুদ্ৰাত ২৫০০ টকাত বাংলাদেশৰ পৰা ভাৰতলৈ অহা বুলি সদৰী কৰাৰ সমান্তৰালকৈ তেওঁ আৰু স্বামীসহ মুঠ ১৭জনীয়া বাংলাদেশী নাগৰিকৰ দল এটা অসমলৈ প্ৰৱেশ কৰা বুলি বিস্ফোৰক ভাষ্যও প্ৰদান কৰিছে তেওঁ। উল্লেখ্য যে আজি পুৱাৰ পৰা সন্ধিয়ালৈ ধুবুৰীৰ যোগমায়া পাৰঘাটত ঘূৰাফিৰা কৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ সন্দেহ ওপজে আৰু সোধপোছ কৰাৰ পিছত উৰহী গছৰ ওৰ ওলায়। ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকীক কৰায়ত্ত কৰি ধুবুৰী সদৰ থানালৈ লৈ গৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী