অসমত নিষিদ্ধ বংগৰ ব্ৰইলাৰ-চীনৰ ফাকু
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰা প্ৰাণনাশী ক’ৰোনা ভাইৰাছৰ আতংক এতিয়া পৰিলক্ষিত হৈছে সমগ্ৰ দেশতে । বিগত দুদিনত ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে গ্ৰহণ কৰা হৈছে ব্যাপক সতর্কতামূলক ব্যৱস্থা৷ বর্তমানলৈ ক’ৰোনাত আক্রান্ত ৰোগী অসমত নিশ্চিত হোৱা নাই যদিও আগতীয়াকৈ গ্রহণ কৰা হৈছে প্রতিৰোধমূলক পদক্ষেপ৷ সমান্তৰালভাৱে ক’ৰোনা ভাইৰাছৰ প্রভাৱ পৰিলক্ষিত হৈছে ৰাজ্যৰ আর্থ–সামাজিক ক্ষেত্রখনতো৷ বিশেষকৈ ৰঙৰ উৎসৱ ফাকুৱাৰ বজাৰত ইয়াৰ ব্যাপক প্রভাৱ পৰিলক্ষিত হৈছে৷ একেদৰে ক্ষতিগ্রস্ত হৈছে ৰাজ্যৰ হাঁহ–কুকুৰা পালন উদ্যোগতো ৷ শেহতীয়াকৈ ব্রইলাৰ মাংসৰ পৰা ক’ৰোনা ভাইৰাছ বিয়পে বুলি প্রকাশ পোৱা উৰাবাতৰিয়ে ব্যাপক প্রভাৱ পেলাইছে পশুধন উদ্যোগত৷ পশ্চিমবংগত আকস্মিকভাৱে হ্রাস পাইছে হাঁহ–কুকুৰা মাংসৰ চাহিদা৷ বিগত কিছুদিন ধৰি চলা এনে উৰাবাতৰিৰ ফলতে নিম্নগামী হৈছে ব্রইলাৰ মাংসৰ দামো৷ পশ্চিমবংগৰ এই বজাৰখনত ক’ৰোনাৰ প্রভাৱে ক্ষতিগ্রস্ত কৰিছে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বজাৰখনকো৷ ব্রইলাৰৰ পৰা ক’ৰোনা ভাইৰাছ বিয়পাৰ কোনো আশংকাই নাই যদিও এইক্ষেত্রত কিছু প্রতিৰোধমূলক পদক্ষেপ গ্রহণ কৰাৰ যো–জা চলাইছে পশুপালন বিভাগে৷ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি পশ্চিমবংগৰ পৰা অসমলৈ ব্রইলাৰ আমদানিৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰাৰ যো–জা চলোৱা হৈছে৷ এই সন্দর্ভত সূত্রটোৱে কয়– ‘ব্রইলাৰ মুর্গীৰ পৰা ক’ৰোনা সংক্রমিত হোৱাৰ কোনো সম্ভাৱনাই নাই৷ ইতিমধ্যে হায়দৰাবাদস্থিত মাংসৰ ৰাষ্ট্রীয় গৱেষণা কেন্দ্রই এই সন্দর্ভত ৰাজহুৱা জাননী প্রকাশ কৰিছে৷ তৎসত্ত্বেও পশ্চিমবংগৰ পৰা ব্রইলাৰ অসমলৈ আমদানি বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ পশুপালন বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে৷ কিয়নো বাহিৰৰ পৰা অহা মুর্গীৰ পৰা বিভিন্ন বেমাৰৰ সংক্রমণ হোৱাৰ সম্ভাৱনা থাকে৷ একেদৰে পশ্চিমবংগৰ পৰা অহা ব্রইলাৰ বন্ধ কৰিলে ঘৰুৱা চাহিদা পূৰণৰ বাবে ৰাজ্যত উৎপাদিত ব্রইলাৰেই বজাৰত বিক্রীৰ বাবে চেষ্টা কৰা হৈছে৷’ ইফালে সূত্রটোৱে কয় যে অসমত ব্রইলাৰ ফার্ম স্থাপন কৰা বিভিন্ন প্রতিষ্ঠানক কেইবাটাও নির্দেশনা প্রদান কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সেই অনুসৰি স্বাস্থ্যৱান আৰু সুস্থ ব্রইলাৰ মুর্গীহে বজাৰত বিক্রীৰ বাবে মুকলি কৰি দিবলৈ অনুৰোধ জনোৱা হৈছে সংশ্লিষ্ট প্রতিষ্ঠানক৷ তেওঁ প্রকাশ কৰা অনুসৰি পশ্চিমবংগৰ পৰা অহা ব্রইলাৰ মুর্গী বন্ধ কৰাৰ বাবে বক্সিৰহাট–শ্রীৰামপ্ গেটত গ্রহণ কৰা হৈছে তালাচীৰ ব্যৱস্থা৷ তৎসত্ত্বেও একাংশ অসাধু ব্যৱসায়ীয়ে শ্রীৰামপুৰ গেটৰ সমীপৱর্তী গাঁওসমূহৰ মাজেৰে চোৰাংভাৱে ব্রইলাৰ মুর্গী সৰবৰাহ কৰি আছে বুলিও সূত্রটোৱে সদৰী কৰিছে৷ অৱশ্যে পূর্বে অসমলৈ ১০–১২খন গাড়ীৰে ব্রইলাৰ মুর্গী পশ্চিমবংগৰ পৰা অনা হৈছিল৷ কিন্তু শেহতীয়া পৰিস্থিতিৰ বাবে এই পৰিমাণ ৭–৮খন গাড়ীলৈ হ্রাস পাইছে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি অসমত উৎপাদিত ব্রইলাৰ মুর্গীৰে ঘৰুৱা চাহিদা পূৰণ কৰাটো সম্ভৱ৷ ৰাজ্যত উৎপাদিত ব্রইলাৰ মুর্গী মেঘালয়, অৰুণাচল, নাগালেণ্ড আদিলৈ প্রেৰণ কৰাৰ বাবে ঘৰুৱা বজাৰৰ চাহিদা পশ্চিমবংগৰ পৰা অনা মুর্গীৰে কৰিবলগীয়া হয়৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে উৰাবাতৰি বিয়পি পৰাৰ পাছতে পশ্চিমবংগত দ্রুতগতিত ব্রইলাৰ মুর্গীৰ মাংসৰ দাম হ্রাস পাইছে যদিও অসমত এই দাম একেই আছে৷ শীঘ্রে পশুপালন বিভাগৰ তৰফৰ পৰা ব্রইলাৰৰ পৰা ক’ৰোনা সংক্রমিত হোৱাৰ কোনো আশংকা যে নাই, সেয়া প্রচাৰ কৰিবলৈ গ্রহণ কৰা হ’ব সজাগতামূলক ব্যৱস্থা৷ আনহাতে, ৰঙৰ উৎসৱ ফাকুৱাৰ প্রাক্ক্ষণত হোলীৰ বজাৰত ক’ৰোনা ভাইৰাছৰ আতংকই ব্যাপক প্রভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷ হোলীৰ প্রাক্ক্ষণত দিল্লী, বিহাৰ, কলকাতা, উত্তৰ প্রদেশ আদিৰ পৰা বিভিন্ন সা–সামগ্রী আৰু ফাকু আনি অসমত বিক্রী কৰে ব্যৱসায়ীসকলে৷ এইবেলি উক্ত স্থানসমূহৰ পৰা হোলীত ব্যৱহূত সামগ্রী অনাৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হৈছে ব্যৱসায়ীসকল৷ ফাঁচী বজাৰৰ একাংশ ব্যৱসায়ীয়ে সদৰী কৰা অনুসৰি গুৱাহাটীত বর্তমান হোলীৰ বিভিন্ন সামগ্রীৰ ১৫খন বৃহৎ পাইকাৰী ব্যৱসায়িক প্রতিষ্ঠান আছে৷ একেদৰে কম পৰিসৰৰ পাইকাৰী ব্যৱসায়িক প্রতিষ্ঠানৰ সংখ্যা হৈছে প্রায় ১০০খন৷ ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে, খুচুৰা ব্যৱসায়ীসকলে বিগত বর্ষসমূহৰ তুলনাত হোলীৰ সামগ্রী যথেষ্ট কম পৰিমাণত ক্রয় কৰিছে৷ উল্লেখ্য যে হোলীত ব্যৱহূত বিভিন্ন ফিচকাৰী, টুপী আদিকে ধৰি বিভিন্ন সামগ্রী চীনৰ পৰা আমদানি কৰা হয়৷ কম মূল্যৰ বাবে নিষেধাজ্ঞা থকা সত্ত্বেও চীনৰ সামগ্রীৰে ভৰি পৰে ৰাজ্যৰ বজাৰ৷ এইবেলি গুৱাহাটীকে ধৰি ৰাজ্যৰ আন প্রান্তৰ বজাৰসমূহত পৰিলক্ষিত হোৱা নাই চীনৰ সা–সামগ্রী৷ একপ্রকাৰ হোলীৰ বজাৰত বর্জিত হৈ পৰিছে চীনৰ পৰা অহা সামগ্রী৷ ইয়াৰ পৰিপ্রেক্ষিতত অসমত স্থানীয়ভাৱে উৎপাদিত ফাকুৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ কিন্তু সামগ্রিকভাৱে বিগত বর্ষসমূহৰ তুলনাত ৰাইজৰ মাজতো ফাকুৱাৰ উৎসৱৰ আনন্দ–উল্লাস হ্রাস পোৱা দেখা গৈছে৷ অৱশ্যে ক’ৰোনাৰ আতংকই বিৰাজ কৰাৰ সময়ত এই প্রাণনাশী ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবলৈ সম্পূর্ণৰূপে প্রস্তুত হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ ইতিমধ্যে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰকে ধৰি ৰাজ্যৰ ভিন্ন প্রান্তৰ বিমানবন্দৰসমূহত্ নিয়োগ কৰা হৈছে চিকিৎসকৰ দল৷ এই দলসমূহে বিমানবন্দৰত আগমন ঘটা যাত্রীৰ স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিছে৷ সন্দেহজনক ব্যক্তি ধৰা পৰাৰ লগে লগে উন্নত চিকিৎসাৰ বাবে তেওঁলোকক প্রেৰণ কৰিছে হাস্পতাললৈ৷ সমান্তৰালভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালকে ধৰি চিকিৎসা মহাবিদ্যালয়সমূহত্ ক’ৰোনা ভাইৰাছৰ চিকিৎসাৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ জানিব পৰা মতে, গুৱাহাটী মেডিকেল কলেজ হাস্পতালত স্থাপন কৰা হৈছে ৮খন বিছনাযুক্ত এটা সুকীয়া কক্ষ৷ আন চিকিৎসা মহাবিদ্যালয়সমূহত্ অনুৰূপ ধৰণৰ ব্যৱস্থা গ্রহণ কৰিছে৷ একেদৰে চিকিৎসকৰ লগতে স্বাস্থ্য বিভাগে ৰাজ্যবাসীৰ বাবে ক’ৰোনা ভাইৰাছৰ পৰা বাছি থাকিবলৈ গ্রহণ কৰিবলগীয়া ব্যৱস্থা সন্দর্ভত সজাগতা অভিযান আৰম্ভ কৰিছে৷ ইপিনে স্বাস্থ্য বিভাগৰ পৰামর্শ অনুসৰি গুৱাহাটী মহানগৰীকে ধৰি আন প্রান্তত মাস্ক পৰিধানকে ধৰি সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ ‘হেণ্ড ছেনিটাইজাৰ’ আৰু মাস্কৰ চাহিদা বজাৰত বৃদ্ধি পোৱাও দেখা গৈছে ৷