পানী যোগানত ব্যর্থ জনস্বাস্থ্য কাৰিকৰী বিভাগ
গুৱাহাটীৰ ৮৬খন আঁচনিৰ জৰিয়তে ৫৪,৯১৫জন লোকক পানী যোগান
নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাত চূড়ান্তভাৱে ব্যর্থ হৈছে৷ গুৱাহাটী পৌৰ নিগমৰ সমান্তৰালকৈ মহানগৰবাসীক পানী যোগান ধৰাৰ ক্ষেত্রত ব্যর্থ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ৷ প্রায় ২০ লাখ লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগে মাত্র ৮৬খন আঁচনিৰ জৰিয়তে পানী যোগান ধৰি আহিছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে মহানগৰীত বসবাস কৰা ৫৪,৯১৫জন লোককহে পানী যোগান ধৰিবলৈ সক্ষম হৈছে৷ বিধানসভাৰ মজিয়াত উন্মোচিত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম ব্যর্থতাৰ তথ্য৷ বুধবাৰে সদনত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ তৰাবিহীন প্রশ্ণৰ উত্তৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰীয়ে বিভাগটোৱে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত থকা ৮৬খন আঁচনিৰ জৰিয়তে মহানগৰবাসীক পানী যোগান ধৰি অহাৰ তথ্য প্রদান কৰে৷ কামৰূপ মহানগৰ জিলাৰ দিছপুৰ সমষ্টিত ৪৮খন আঁচনিৰ জৰিয়তে জনস্বাস্থ্য কাৰিকৰী বিভাগে খোৱা পানী যোগান ধৰি আহিছে৷ একেদৰে পূব গুৱাহাটী সমষ্টিত ১৩খন আঁচনিৰ জৰিয়তে পানী যোগান ধৰি আহিছে৷ পশ্চিম গুৱাহাটী সমষ্টিৰ বিভিন্ন অঞ্চলত ২৪খন আঁচনিৰ জৰিয়তে খোৱাপানী যোগান ধৰি আহিছে৷ তদুপৰি কামৰূপ (ম) জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগে খোৱাপানী যোগানৰ বাবে পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তর্গত ১নং ৰামনগৰ, নালাপাৰা, সেউজনগৰত ২.৩০ কোটি টকা ব্যয়েৰে তিনিখন আঁচনি ৰূপায়ণৰ লক্ষ্য স্থিৰ কৰাৰ তথ্য প্রকাশ কৰে৷ ইয়াৰ ভিতৰত ১নং ৰামনগৰ আঁচনিখনৰ ৪০ শতাংশ কাম সম্পূর্ণ হোৱাৰ বিপৰীতে সেউজনগৰৰ আঁচনিখনৰ ২০ শতাংশ কাম এতিয়ালৈকে সম্পূর্ণ হৈছে৷ নালাপাৰাৰ আঁচনিখনৰ কাম আৰম্ভ হোৱা নাই যদিও এই আঁচনিকেইখন ২০২২ চনৰ ২৭ নৱেম্বৰৰ ভিতৰত সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ জালুকবাৰী সমষ্টিৰ অন্তর্গত পাণ্ডুৰ ২নং ৱার্ডত ১.৮৯ কোটি আৰু ৪নং ৱার্ডত ১.৯৪ কোটি টকা ব্যয়েৰে নির্মাণ কৰা পানী যোগান আঁচনি দুখনৰ কাম ৮০ শতাংশ আৰু ৩নং ৱার্ডৰ ১.৯৭ কোটি টকা ব্যয়েৰে নির্মাণ কৰা আঁচনিখনৰ কাম ৮০ শতাংশ সম্পূর্ণ হোৱাৰ তথ্য প্রদান কৰে৷ দিছপুৰ সমষ্টিৰ অন্তর্গত বৈকুণ্ঠপুৰত ৮৪ লাখ টকা ব্যয়েৰে নির্মাণ কৰা আঁচনিখনৰ কাম ১০ শতাংশ সম্পূর্ণ হৈছে৷ পূব গুৱাহাটী সমষ্টিৰ অন্তর্গত ৰাধানগৰত ৯৭.৭৬ লাখ টকা ব্যয়েৰে নির্মাণ কৰা আঁচনিখনৰ কাম ৭০ শতাংশ সম্পূর্ণ হোৱাৰ তথ্যও মন্ত্রী ৰিহণ দৈমাৰীয়ে প্রকাশ কৰে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে হাতত লোৱা আঁচনিসমূহৰ ভিতৰত কোনো এখন আঁচনিৰে নির্ধাৰিত সময় এতিয়াও উকলি যোৱা নাই বুলিও তথ্য প্রকাশ কৰে৷ লক্ষণীয় যে মহানগৰীত বসবাস কৰা লোকসকলক গুৱাহাটী পৌৰ নিগম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানী যোগান ধৰাত ব্যর্থ হৈছে৷ পৌৰ নিগম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া–কর্মচাৰীৰ অকর্মণ্যতাৰ বাবেই বছৰৰ পাছত বছৰ ধৰি মহানগৰবাসী বিশুদ্ধ খোৱাপানী পোৱাৰ পৰা বঞ্চিত হৈ আহিছে৷