নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ সূচী ঘোষণা বিচিচিআইৰ

🔹 ইংলেণ্ডত নতুন প্রত্যাহ্বানৰ সন্মুখীন হ’ব টীম ইণ্ডিয়া

নিউজ ডেস্ক, ২৩ আগষ্ট : ইংলেণ্ডৰ মাটিত ৰোহিত শর্মাৰ বাবে নতুন প্রত্যাহ্বান৷ বাংলাদেশ আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত অংশগ্রহণ কৰাৰ পিছতে বর্ডাৰ–গাভাস্কাৰ শৃংখলাৰ বাবে অষ্ট্রেলিয়ালৈ যাত্রা কৰিব টীম ইণ্ডিয়াই৷ ইয়াৰ পিছতে অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল৷ এই যুঁজৰ মূল প্রতিদ্বন্দ্বী ভাৰত৷ অহা বছৰ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ভাগ ল’ব ৰোহিত শর্মা বাহিনীয়ে৷ ইংৰাজ দলটোৰ বিৰুদ্ধে খেলিবলগীয়া ৫খন টেষ্ট মেচৰ শৃংখলাটোৰ সময়সূচী ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ টীম ইণ্ডিয়াই অন্তিমবাৰৰ বাবে ২০২১–২২ চনত ইংলেণ্ডত টেষ্ট শৃংখলাত ভাগ লৈছিল৷ উক্ত টেষ্ট শৃংখলাটোত ভাৰতীয় দলটোৰ অধিনায়ক আছিল বিৰাট কোহলি৷ শৃংখলাটো ২–২ত অমীমাংসিত হয়৷ কিন্তু এইবাৰ ভাৰতৰ অধিনায়ক ৰোহিত শর্মা৷ তেওঁৰ নেতৃত্বত ঘৰুৱা ক্ষেত্রত অষ্ট্রেলিয়া আৰু ইংলেণ্ড পৰাস্ত হৈছিল যদিও এইবাৰ বিদেশৰ মাটিত যুঁজ৷ ২০০৭ চনৰ পিছত ঘৰুৱা ক্ষেত্রত কোনো টেষ্ট শৃংখলাত পৰাস্ত হোৱা নাই ইংলেণ্ড৷ ইয়াৰ লগতে ইংলেণ্ড ভ্রমণৰ পৰাই আৰম্ভ হ’ব চতুর্থ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ যুঁজ৷ ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজৰ টেষ্ট শৃংখলাৰ প্রথমখন টেষ্ট হেডিংলেত অনুষ্ঠিত হ’ব৷ ২০–২৪ জুনলৈ লীডছ ক্রিকেট খেলপথাৰত মুখামুখি হ’ব দুয়োটা দল৷ পৰৱর্তী টেষ্ট ২–৬ জুলাইলৈ এজবাষ্টনত অনুষ্ঠিত হ’ব৷ ১০ জুলাইৰ পৰা লর্ডছত অনুষ্ঠিত হ’ব তৃতীয়খন টেষ্ট৷ ২৩ জুলাইত মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফ’ৰ্ডত চতুর্থখন টেষ্ট৷ আনহাতে, অন্তিমখন টেষ্ট অনুষ্ঠিত হ’ব লণ্ডনৰ অ’ভেলত৷ ৩১ জুলাইৰ পৰা আৰম্ভ হ’ব এই টেষ্টখন। উল্লেখ্য যে দুয়োটা দলে ২০২৩ চনত অন্তিমবাৰৰ বাবে ভাৰতত টেষ্ট শৃংখলাত মুখামুখি হৈছিল৷ ৫খনীয়া টেষ্ট মেচৰ শৃংখলাটোত ভাৰতে ৪–১ত জয়লাভ কৰে৷ আনহাতে, উক্ত টেষ্ট শৃংখলাত ৭০০ৰো অধিক ৰান সংগ্রহ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল যশস্বী জয়ছোৱালে৷ ইংলেণ্ডত ভাৰতীয় দলৰ বাবে এয়া এক নতুন পৰীক্ষা৷ দেশৰ ক্রিকেটপ্রেমীসকলে আশা কৰিছে যে অহা বছৰ টীম ইণ্ডিয়াই ইংলণ্ডেতো জয়লাভ কৰিবলৈ সক্ষম হ’ব৷

You might also like