নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান সদৌ অসম আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ ঠিকাদাৰ সন্থাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ আগষ্টঃ সদৌ অসম আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ ঠিকাদাৰ সন্থাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২,০০,০০০ টকাৰ অনুদান আগবঢ়ায়। লগতে ঠিকাদাৰসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ থকা কিছু সমস্যাৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। ইয়াৰ ভিতৰত মূলতঃ এপিএইছচি লিমিটেড কৰ্তৃপক্ষই শেহতীয়াকৈ ক্ষুদ্ৰ আৰু মজলীয়া ঠিকাদাৰসকলক ভাতেমাৰি একাধিক কাম একোটা বৃহৎ গোটত নিবিদা আহবান কৰাৰ কাৰ্য্য বাতিল কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহবান জনায়। মুখ্যমন্ত্ৰীয়ে তাৎক্ষনিকভাৱে এপিএইছচি লিমিটেডৰ পৰিচালন সঞ্চালক আইপিএছ বিষয়া লাচিত বৰুৱাক ফোনযোগে নিবিদাসমূহ পূৰ্বৰ দৰে একক কাম এটা নিবিদা হিচাবে আহবান কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁৰ এই উদাৰ কাৰ্য্যই অসমৰ শ শ থলুৱা ঠিকাদাৰ আৰু ইয়াৰ লগত প্ৰত্যক্ষভাৱে জড়িত হাজাৰ হাজাৰ পৰিয়ালৰ জীবিকা সুনিশ্চিত কৰিব বুলি ঠিকাদাৰ সংস্থাটোৰ সম্পাদক সীমান্তজ্যোতি বৰুৱা আৰু সভাপতি প্ৰদীপ কলিতাই আশা প্ৰকাশ কৰে।

You might also like