নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত পুনৰ বহিৰাগতৰ হাতত লাঞ্ছিত অসমীয়া মহিলা

🔹 নেক্সা ছাৰ্ভিচত কৰ্মৰত কৰ্মচাৰীক ৰাজহুৱাভাৱে অপদস্থ : তীব্ৰ প্ৰতিক্ৰিয়া
বিশেষ বাৰ্তা, ২৬ আগষ্ট : বহিৰাগতৰ হাতত থলুৱা অসমীয়া প্ৰহৃত, লাঞ্ছিত হোৱা ঘটনা শেহতীয়াকৈ যথেষ্ট উদ্বেগৰ বিষয় হৈ পৰিছে। শিৱসাগৰ আৰু তিনিচুকীয়াৰ পিছত এইবাৰ ডিব্ৰুগড়ত বহিৰাগত ব্যৱসায়ীৰ হাতত লাঞ্ছিত হ’বলগীয়া হ’ল এগৰাকী অসমীয়া মহিলা।ডিব্ৰুগড়ৰ নেক্সা ছাৰ্ভিচত কৰ্মৰত এগৰাকী কৰ্মচাৰীক ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ অনা-অসমীয়া বণিয়া নিকিত বুধ্বিয়া নামৰ বিষয়াজনে দেওবাৰে কাৰ্যালয়টোৰ ভিতৰত কোনো কাৰণ নোহোৱাকৈ ৰাজহুৱাভাৱে অপদস্থ কৰাৰ লগতে অকথ্য গালি-গালাজ পাৰে। কেৱল সিমানেই নহয়, আনকি মহিলা কৰ্মচাৰীগৰাকীৰ চৰিত্ৰৰ ওপৰতো বহু অশালীন মন্তব্য কৰি বণিয়া নিকিতে ৰাজহুৱাকৈ অপদস্থ কৰে বুলি মহিলাগৰাকীয়ে প্ৰকাশ কৰিছে। ইতিমধ্যে মহিলাগৰাকীয়ে বৰবৰুৱা আৰক্ষী থানাত ব্যৱসায়ী নিকিত বুধ্বিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আজি এই ঘটনা সৰ্ম্পকত ডিব্ৰুগড় জিলা বীৰ লাচিত সেনাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে দোষী বিষয়াজনৰ ওপৰত আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি ভয়াৱহ হ’ব বুলি স্পষ্ট কৰি দিছে। ইফালে, নেক্সা ছাৰ্ভিচত বীৰ লাচিত সেনাৰ কৰ্মীসকল উপস্থিত হোৱাৰ পিছতেই আৰক্ষীয়ে শেহতীয়াকৈ নিকিত বুধ্বিয়াক আটক কৰা বুলি জানিব পৰা গৈছে। এতিয়া আৰক্ষী প্ৰশাসনে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু বীৰ লাচিত সেনাই পৰৱৰ্তী পদক্ষেপ কি গ্ৰহণ কৰে, সেয়া লক্ষণীয় হৈ পৰিছে।

প্ৰেৰক বিভাষ দুৱৰা
You might also like