নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত পকীপথ নিৰ্মাণত গাফিলতি : চপৰা চপৰে এৰিছে নিৰ্মিত পথ

নিয়মীয়া বাৰ্তা, ২৮ আগষ্ট : যিসময়ত ৰাজ্যত পকীপথ নিৰ্মাণ কৰাৰ নামত  ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰছ কৰি আহিছে তেনেসময়তে শোণিতপুৰৰ বালিপৰাৰ দীঘলীগাঁও আদৰ্শ গাঁৱত এটা পকীপথ নিৰ্মাণ কৰাত ব্যাপক খেলিমেলি হোৱাৰ গুৰুতৰ অভিযোগ ৰাইজে উত্থাপন কৰিছে। ৰাইজে অভিযোগ কৰা অনুসৰি, বালিপৰাৰ উদমাৰী গাঁও পঞ্চায়তৰ অধীনৰ দীঘলী আদৰ্শ গাঁৱত বৰ্তমান সময়ত  কে কে ট্ৰেডাৰ্ছ নামৰ এটা নিৰ্মাণকাৰী সন্থাৰ ঠিকাদাৰৰ তত্বাৱধানত বালিপৰা-লখিমপুৰ সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা দীঘলী গাঁও হৈ ভকতগাঁও, চাৰিদুৱাৰ,লোক্ৰা সংযোগী এটা পকীপথ নিৰ্মাণৰ কাম চলি আছে। পথটোৰ নিৰ্মাণকাৰ্য ভকতগাঁও দিশৰপৰা ইতিমধ্যে আধা কিলোমিটাৰৰো অধিক নিৰ্মাণ সম্পূৰ্ণ হৈছে। এনেদৰে নিৰ্মাণকাৰ্য চলি থকাৰ মাজতে আজি দীঘলীগাঁৱৰ ৰাইজে পথটোৰ মাজভাগৰ বহুকেইটা স্থানত পকীপথটো চপৰা চপৰে এৰাই গৈছে। একাংশ ৰাইজে খালী হাতেৰে পকীপথটোৰ পকীবোৰ টান মাৰোঁতেই পথটোৰ অংশগসমূহ এনেদৰে এৰাই যোৱাত খৰ্গহস্ত হৈ পৰে। ৰাইজৰ অভিযোগ যে উক্ত পথটো ঠিকাদাৰে কৰ্তব্যত গাফিলতি কৰি আলকতৰাৰ তৰপ, বালি-শিল কমকৈ দি আৰু ভূমি অংশ ভালদৰে চাফা নকৰাকৈয়ে ভূমিৰ ওপৰতে ঢালাই দিয়াৰ ফলতে  এনেদৰে পথটো এৰাই গৈছে। ৰাইজৰ মতে পথটোৰ উক্ত অংশটো নিৰ্মাণ হোৱা এসপ্তাহো হোৱা নাই। কম দিনৰ ভিতৰতে পথটোৰ এনে দুৰৱস্থাৰ বাবে নিৰ্মাণকাৰী  ঠিকাদাৰ, পৰ্যবেক্ষণকাৰী অভিযন্তাকে দোষাৰোপ কৰিছে। ইপিনে, ঘটনা  সন্দৰ্ভত আজি পৰ্যবেক্ষণ কৰিবলৈ অহা অভিযন্তাগৰাকীক উত্তেজিত  ৰাইজে পথটোৰ নিৰ্মাণৰ বিসংগতি সন্দৰ্ভত জবাবদিহি কৰে। অভিযন্তাগৰাকীৰ উত্তৰত একাংশ ৰাইজ অসন্তুষ্ট হোৱা বুলি জনাইছে। ৰাইজৰ অসন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি মহৰীয়ে চপৰে চপৰে এৰাই যোৱা পকীসমূহ বেলাচাৰে শ্ৰমিকৰ হতুৱাই আঁতৰাই দিয়ে। অঞ্চলবাসী ৰাইজে অনতিপলমে উক্ত পথটোৰ বিসংগতি অংশ মেৰামতি কৰাৰ লগতে পুনৰ নিৰ্মাণ কৰি দিয়াৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি দিবলৈ  নদুৱাৰ সমষ্টিৰ বিধায়কগৰাকীৰ লগতে ঠিকাদাৰ, অভিযন্তাক দাবী জনাইছে। অন্যথা পথ অৱৰোধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিব বুলিও একাংশ ৰাইজে হুংকাৰ দিছে। আনহাতে একাংশ ৰাইজে পথটোৰ নিৰ্মাণৰ বিসংগতিৰ বিষয়টো নদুৱাৰ সমষ্টিৰ বিধায়কগৰাকীকো ফোনযোগে অৱগত কৰা বুলি জনাইছে।

প্ৰেৰক প্ৰাঞ্জলপ্ৰতিম বৰা

You might also like