নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ দুৰ্ঘটনাত মৃত্যু মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ

বার্তা বুৰো, মৰিগাঁও, ২৮ আগষ্ট : মৰিগাঁও চহৰৰ নাতিদূৰৈস্থিত টেঙাগুৰি অঞ্চলত যোৱানিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ অকাল মৃত্যু হোৱাৰ পিছতে সমগ্ৰ মৰিগাঁও জিলাতে এক শোকাকূল পৰিবেশৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য মতে, যোৱানিশা প্ৰায় দহ বজাত একাংশ বাটৰুৱাই নিজান পথাৰৰ মাজেৰে যোৱা পথটোৰ উক্ত স্থানত মটৰচাইকেল সহিতে তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত সাংবাদিক ডেকাক প্ৰত্যক্ষ কৰে। লগে লগে এই ঘটনাৰ সম্ভেদ পাই পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ডেকাক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ডেকাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে সহকৰ্মীসকলৰ লগতে বিভিন্ন দল সংগঠনৰ বহুসংখ্যক নেতা কৰ্মীয়ে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভিৰ কৰে। উল্লেখ্য যে যোৱানিশা নিজৰ কাম সমাপন কৰি মৰিগাঁও চহৰৰ সমীপৱৰ্তী মৰাকলং টেঙাগুৰিৰ অস্থায়ী বাসভৱন অভিমুখে গৈ থকা অৱস্থাত উক্ত দুৰ্ঘটনা তো সংঘটিত হয় বুলি জানিব পৰা হৈছে। ইফালে মৰিগাঁও আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। আজি ডেকাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত এক সমদল কৰি আছুৰ কাৰ্যালয়লৈ নিয়ে। তাত তেওঁৰ মৃতদেহত আছু আৰু অসম সেনাৰ কৰ্মীসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পিছতে ডেকাৰ মৃতদেহ মৰিগাঁও সদৰ বিহুতলীলৈ নিয়া হয। আনহাতে জিলাখনৰ সংবাদ জগতৰ লগত জড়িত প্ৰতিজন সংবাদ কৰ্মীৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। আনহাতে মৰিগাঁও সাংবাদিক সমাজৰ উদ্যোগত সদৰ বিহুতলীত সাংবাদিক, সমাজকৰ্মী প্ৰয়াত ৰাতুল ডেকাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত এক অনুষ্ঠানত তিৱা স্বায়ত্ত পৰিষদৰ হৈ, মুখ্য কাৰ্যবাহী সদস্য জীৱনচন্দ্ৰ কোঁৱৰ , জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত ড০ সংগীতা বৰঠাকুৰ, আৰক্ষী প্ৰশাসনৰ হৈ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য, চক্ৰ বিষয়া কাৰ্যালয়, সদৰ বিহুতলী পৰিছালনা সমিতি, বিহুতলী উন্নয়ন সমিতি, সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ, সাহিত্য সভা, আছু, এজেৱাইচিপি, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, মৰিগাঁও সাংবাদিক সমাজ, সাংবাদিক সন্থা,মৰিগাঁও মেডিয়া ক্লাৱ, গাওঁপ্ৰধান সংস্থা, গাম্যপুথিভঁৰাল সন্থা, কৰ্মচাৰী পৰিষদ, অসম জাতীয় পৰিষদ মৰিগাওঁ জিলা সমিতি, মৰিগাঁও আদালত নটাৰী এছচিয়েশ্যন, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, ৰিক্সা চালক সন্থা, মৰিগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সংস্থা, জাগীৰোড প্ৰেছ ক্লাৱ, মৈৰাবাৰী প্ৰেছ ক্লাৱ, মাৰোৱাৰী যুৱ মঞ্চ, মৰিগাঁও ক্ৰীড়া সন্থা, লেখিকা সমাৰোহ, জ্ঞানমঞ্জুৰী চক্ৰ, কলিতা জনগোষ্ঠী, যুৱ সাংবাদিক মঞ্চ, সদৌ অসম সাংবাদিক মঞ্চ, জিলা চেম্বাৰ অফ কমাৰ্চ, নাথ যোগী সন্মিলনী, প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন, আক্ৰাছু, ইটিভি পৰিয়াল বৰ্গ, মৰিগাঁও শাখা সাহিত্য সভা, প্ৰজা পিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, চুলতান নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী ডঃ মনোহৰ চুলতান, প্ৰমূখ্যে কৰি অৰ্ধশতাধিক দল সংগঠনৰ লগতে বিভিন্ন ব্যক্তি বিশেষে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে মৰিগাঁও আছু কার্যলয়ত জিলা আছুৰ কৰ্মীসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে সাংবাদিকগৰাকীৰ মৃত্যুত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক শান্তনু শৰ্মা, প্ৰাক্তন জিলা আয়ুক্ত ঋতুৰাজ বৰা, প্ৰকাশ ৰঞ্জন ঘৰফলিয়া আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰয়াত ৰাতুল ডেকাই শিক্ষা গ্ৰহণ কৰা জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয় কৰ্তৃপক্ষ, ছাত্ৰ একতা সভা, শিক্ষক গোট, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনী, জালুগুটি গাঁও পঞ্চায়ত, পূজা সমিতি, বৃহত্তৰ যুৱ ছাত্ৰ সমাজকে আদি কৰি বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলে অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনায় প্ৰয়াত সাংবাদিক ৰাতুল ডেকাক। শেষ শ্ৰদ্ধাঞ্জলিত অংশগ্ৰহণ কৰা প্ৰায় সকল ব্যক্তিয়ে ৰাতুল ডেকাৰ মৃত্যু মৰিগাঁও সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে অভিহিত কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like