নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিএমচিএইচৰ ৰেগিং সন্দৰ্ভত মুখ খুলিলে কৰ্তৃপক্ষই

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ ধুবুৰী মেডিকেল কলেজ আৰু হাস্পাতাল (ডিএমচিএইচ)ৰ ৰেগিং কাণ্ড সন্দৰ্ভত সন্দৰ্ভত আজি মুখ খুলিলে মহাবিদ্যালয়খনৰ ডিন ডাঃ অংকুমণি শইকীয়া আৰু অধীক্ষক ডাঃ জি দাসে। উল্লেখ্য যে ডিএমচিএইচৰ এজন ছাত্ৰক অইন এজন ছাত্ৰই বেজীৰে ড্ৰাগছ প্ৰদান কৰাৰ উত্থাপিত হৈছিল অভিযোগ। আজি দুপৰীয়া হোৱাটচআপ মেচেজ তথা সংলগ্ন এক মহাবিদ্যালয়খনৰ এজন ছাত্ৰৰ পৰা পোৱা বুলি সদৰী কৰাৰ সমান্তৰালকৈ ঘটনাটো তদন্ত কৰিবলৈ এখন উচ্চস্তৰীয় তদন্ত কমিটি গঠন কৰি দিয়া হোৱা বুলি জনায় ডাঃ শইকীয়াই। ছাত্ৰ জনে কৰা অভিযোগত কোনো ছাত্ৰৰ নাম উল্লেখ নাই বুলি মন্তব্য কৰিছে ডিএমচিএইচৰ ডীনগৰাকীয়ে। আনকি কেতিয়াবা ভেন্টিলেটৰৰে আহি তেওঁৰ দেহত বেজী দিয়া বুলি উল্লেখ কৰিলেও পূৰ্বে অভিযোগকাৰী সেই ছাত্ৰজনে কোনো ধৰণৰ লিখিত অথবা মৌখিক অভিযোগ দিয়া নাছিল বুলিও দাবী কৰিছে ডিএমচিএইচ কৰ্তৃপক্ষই। উল্লেখ্য যে ঘটনাটোৰ আঁৰত এজন বিশেষ চিকিৎসা মহাবিদ্যালয়খনৰ এজন বিশেষ ছাত্ৰ জড়িত থকা বুলি সন্দেহ কৰিছে যদিও তদন্তৰ খাতিৰত এতিয়াই সবিশেষ জনাব বিচৰা নাই মহাবিদ্যালয়খনৰ ডীন ডঃ অংকুমণি শইকীয়াই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like