নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিচাজাতীয় দ্ৰব্য খুৱাই মোবাইল ফোনসহ ৫০ হাজাৰ টকা লুট

🔹 নগৰবেৰাৰ টুপামাৰীত চাঞ্চল্যকৰ কাণ্ড

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : নগৰবেৰাৰ টুপামাৰীত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ কাণ্ড। নিচাজাতীয় দ্ৰব্য খুৱাই এজন যুৱকৰ পৰা দুৰ্বৃত্তই লুটি নিলে মোবাইল ফোনসহ নগদ ধন |নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি নাটকীয়ভাৱে দুৰ্বৃত্তই মোবাইল ফোনসহ নগদ প্ৰায় ৫০ হাজাৰ টকা লৈ আদবাটতে এৰি থৈ যায় যুৱকজনক | এই ঘটনাই তীব্ৰ চাঞ্চল্য বিয়পাইছে কামৰূপৰ নগৰবেৰাৰ টুপামাৰী ৰংগেশ্বৰীপাম গাঁৱত | প্ৰাপ্ত তথ্য অনুসৰি ৰংগেশ্বৰী পাম গাঁৱৰ জবান আলী (৪২) নামৰ যুৱকজন কৰ্মসূত্ৰে গুৱাহাটীত থাকে আৰু শনিবাৰে আবেলি গুৱাহাটীৰ পৰা ঘৰ অভিমুখে গৈ থাকোঁতে সংঘটিত হয় এই চাঞ্চল্যকৰ কাণ্ড | জালুকবাৰীৰ পৰা দুই দুৰ্বৃত্তই তেওঁক টুপামাৰীলৈ লৈ যোৱাৰ কথা কৈ ছুইফট  ডিজায়াৰ বাহন এখনত উঠাই লয় | আদবাটতে নিচাজাতীয় দ্ৰব্য খুৱাই জবান আলীৰ পৰা নগদ ৫০ হাজাৰ টকাৰ লগতে এটা মোবাইল হেণ্ডছেট লৈ পথৰ কাষত পেলাই থৈ যায় যুৱকজনক | পাছত ঘৰৰ পৰা ফোন কৰাত দুৰ্বৃত্তই ফোন ৰিচিভ কৰি মোবাইল ফোনটো চুৰি কৰা আৰু যুৱকজনক ৰামপুৰত পেলায় থৈ যোৱা বুলি জনায় |সম্প্ৰতি যুৱকজন টুপামাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like