নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটকৰ দেহত ক’ৰোনাঃ কাজিৰঙাত সতৰ্কতা

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ  বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে অসমত । দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণস্থলী কাজিৰঙাৰ কঁহৰা  আদৰ্শ চিকিৎসালয়ত এতিয়া গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতা । কোনো লোক আক্ৰান্ত হোৱা অথবা তেনে লক্ষণ দেখা পোৱাৰ লগে লগেই এতিয়া ভৰ্তি কৰা কঁহৰা আদৰ্শ চিকিৎসালয়ত গঢ়ি তোলা আইচুলেচন ৱাৰ্ডত । পুৰুষ আৰু মহিলাৰ বাবে পৃথক পৃথককৈ গঢ়ি তোলা এই আছুতীয়া কোঠাতেই তেনে ৰোগৰ লক্ষণ দেখা পোৱা লোকক ভৰ্তি কৰোৱা হ’ব ।

বৰ্তমানলৈকে কাজিৰঙা অথবা দাঁতিকাষৰীয়া অঞ্চলত তেনেধৰণৰ কোনো লক্ষণ দেখা পোৱা নাই যদিও সম্পূৰ্ণ ৰূপে সাজু কৰি ৰখা হৈছে কঁহৰা আদৰ্শ চিকিৎসালয় । উল্লেখ্য যে, আমেৰিকাৰ পৰা অহা এজন পৰ্যটকে অসম ভ্ৰমণ কৰি ২ মাৰ্চ তাৰিখে গুৱাহাটী বিমানবন্দৰৰ ভূটানৰ পাৰ’ বিমানবন্দৰত অৱতৰণ কৰাৰ পাচতেই ক’ৰোনা ভাইৰাছ ধৰা পৰে । এই পৰ্যটক গৰাকীৰ দেহত ক’ৰোনা ভাইৰাছ ধৰা পৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে সকলোতে । মাজুলী , যোৰহাট আৰু কাজিৰঙা ভ্ৰমণৰ লগতে গুৱাহাটী এটা দিন কটাইছিল এইগৰাকী পৰ্যটকে ।

You might also like