নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতে কিমান আয় কৰিলে এদিনীয়া বিশ্বকাপৰ পৰা ?

🔹 বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিৰ প্রতিবেদন প্রকাশ

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : ভাৰতৰ মাটিত আয়োজন কৰা এদিনীয়া বিশ্বকাপৰ আয় প্রায় ১২ হাজাৰ কোটি টকা৷ আইচিচিয়ে প্রকাশ কৰা এক প্রতিবেদন অনুসৰি ২০২৩ চনৰ এদিনীয়া বিশ্বকাপে ভাৰতৰ অর্থনীতিত এক বৃহৎ অৱদান আগবঢ়াইছে৷ ভাৰতে মুঠ ১.৩৯ বিলিয়ন মার্কিন ডলাৰ উপার্জন কৰে৷ ক্রিকেটৰ উপৰি ভাৰতৰ হোটেল, পর্যটন আৰু খাদ্য ব্যৱসায়তো যথেষ্ট লাভৱান হৈছে৷ আইচিচিৰ প্রতিবেদন অনুসৰি ভাৰতীয় অর্থনীতিয়ে ভাৰতীয় মুদ্রাত প্রায় ১১ হাজাৰ ৬৩৭ কোটি টকা উপার্জন কৰিছে৷ বিগত বছৰৰ ৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈকে ভাৰতত অনুষ্ঠিত হৈছিল আইচিচি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতা৷ সমগ্র দেশৰ ১০টা স্থানত খেল অনুষ্ঠিত হৈছিল৷ প্রতিটো স্থানত ভাৰতে এখনকৈ খেল খেলিছিল৷ লগতে বহু বিদেশী ক্রিকেটপ্রেমী ভাৰতলৈ আহিছিল মেগা টুর্ণামেণ্টখন উপভোগ কৰিবলৈ৷ মুঠতে বিশ্বকাপ উপলক্ষে ভাৰতৰ অর্থনীতি যথেষ্ট উন্নত হয় বুলি আইচিচিৰ নতুনকৈ প্রকাশিত প্রতিবেদনত প্রকাশ পাইছে৷ মন কৰিবলগীয়া যে বিশ্বকাপৰ সময়ত কেৱল হোটেল আৰু খাদ্য ব্যৱসায়ৰ পৰাই ৮৬১.৪ মিলিয়ন মার্কিন ডলাৰ লাভ হৈছিল৷ কেৱল বিদেশী পর্যটকৰ হাতেৰে ভাৰতলৈ আহিছে ২৮১.২ মিলিয়ন মার্কিন ডলাৰ৷ বিশ্বকাপৰ বাবে জীৱনত প্রথমবাৰৰ বাবে ভাৰতলৈ আহিছিল ১৯ শতাংশ পর্যটক৷ প্রতিবেদন অনুসৰি বিশ্বকাপ চাবলৈ অহা ৬৮ শতাংশ লোকে ভাৰতক পর্যটনস্থলী হিচাপে বহুত ভাল বুলি ভাবে৷ বিশ্বকাপ উপলক্ষে ৪৮ হাজাৰ চাকৰিৰ সৃষ্টি হৈছে৷ ইয়াৰ পৰা ১ কোটি ৮০ লাখ মার্কিন ডলাৰ উপার্জন হৈছিল৷ সংবাদ মাধ্যমৰ সম্প্রচাৰৰ পৰাও ৭০.৭ মিলিয়ন মার্কিন ডলাৰ উপার্জন কৰা হৈছিল৷ বিশ্বকাপৰ ৰাজহ প্রতিবেদন দাখিল কৰি আইচিচিৰ মুখ্য কার্যবাহী জিফ এলার্ডাইছে কয় যে ২০২৩ চনৰ বিশ্বকাপে ক্রিকেটৰ আর্থিক শক্তি দেখুৱাইছে৷ ভাৰতীয় অর্থনীতিত ১.৩৯ বিলিয়ন মার্কিন ডলাৰ লাভ৷ বহু চাকৰি সৃষ্টিৰ উপৰি এই মেগা প্রতিযোগিতাখনে ভাৰতক পর্যটনৰ পর্যায়তো পৰিচয় কৰাই দিছে৷ তেওঁৰ মতে, অনাগত দিনতো বৃহৎ পৰিসৰৰ প্রতিযোগিতা আয়োজন কৰিবলৈ ভাৰত যথেষ্ট সক্ষম৷ ইয়াৰ দ্বাৰা ভাৰতীয় অর্থনীতিও উপকৃত হ’ব৷

You might also like