নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিগন্ত বিশ্ব শৰ্মাক অসম বিশ্ববিদ্যালয়ত ডক্টৰেট অফ ফিলোছফি ডিগ্ৰী প্ৰদান

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ : শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ২১তম সমাবৰ্তন সমাৰোহ আৰম্ভ হৈছে। এই সমাৱৰ্তনত তিনিজন বিশিষ্ট নাগৰিকক সম্মানীয় ডক্টৰেট অফ ফিলোছফি ডিগ্ৰী প্ৰদান কৰা হয়। তেওঁলোক হল জেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰং আৰু  সাহিত্য অকাডেমি অনুবাদক তথা অৰবিন্দ অনুগামী দিগন্ত‌ বিশ্ব শৰ্মা। লগতে ২০২জন ছাত্ৰ-ছাত্ৰীক পিএইচডি ডিগ্ৰী আৰু ৭০জন ছাত্ৰ-ছাত্ৰীক স্বৰ্ণপদক প্ৰদান কৰা হৈছে। ডিগ্ৰী লাভ কৰাৰ পিছত সাংবাদিকৰ আগত দিগন্ত‌ বিশ্ব শৰ্মাই কয়, আজি অসম বিশ্ববিদ্যালয়ৰ একবিংশতম সমাৱৰ্তনত মোক ডক্টৰেট অফ ফিলোছফি ডিগ্ৰী প্ৰদান প্ৰদান কৰা হৈছে। ইয়াৰ বাবে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীব মোহন পন্থৰ নেতৃত্বত অসম বিশ্ববিদ্যালয়ৰ সকলোলৈ মোৰ ভ্ৰাতৃত্ববোধ আৰু আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে শ্ৰীঅৰবিন্দ আৰু মাতৃৰ প্ৰতি মোৰ অসীম কৃতজ্ঞতা যাচিছো। সমাবৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত আছিলে মধ্যপ্ৰদেশৰ ডঃ হৰিসিং গুৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নীলিমা গুপ্তা, অসম বিশ্ববিদ্যালয় আচাৰ্য প্ৰাক্তন এয়াৰ চীফ মাৰ্শাল অৰূপ ৰাহা, উপাচাৰ্য ৰাজীৱ মোহন পন্থ সহ আৰু বিশিষ্ট ব্যক্তি।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like