নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত ৩ কোটি টকাৰ নিচাযুক্ত টেবলেটসহ ২২ লাখ টকাৰ হেৰোইন জব্দ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : কাছাৰত আৰক্ষী আৰু বি এছ এফে ৩ কোটি টকাৰ য়াবা টেবলেটৰ সৈতে ২২ লাখ টকাৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে। আজি বিবৃতিযোগে কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে ভাৰত-বাংলা সীমান্তৰ চন্ডীনগৰ বি এছ এফৰ শিবিৰৰ বি এছ এফৰ জোৱানসকলে ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। আজি পুৱা টহল দি থকা অৱস্থাত জোৱানসকলে কাঁইটীয়া লোহাৰ বেৰৰ সমীপত ড্ৰাগছৰ সন্দেহযুক্ত সামগ্ৰী উদ্ধাৰ কৰে। পিছত কাটিগড়া থানাৰ অ’চিৰ সৈতে আৰক্ষী বাহিনীয়ে সেই স্থান পৰিদৰ্শন কৰি নীলা ৰঙৰ প্লাষ্টিকৰ য়াবা টেবলেট থকা ৫০টা পেকেট উদ্ধাৰ কৰে। আৰক্ষীয়ে পেকেটটোৰ ভিতৰত ১০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে। আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে ইয়াৰ লগত জড়িত লোকসকলৰ সন্ধান উলিয়াবলৈ অধিক তদন্ত অব্যাহত আছে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত য়াবা টেবলেটৰ মূল্য হ’ব ৩ কোটি টকা। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, এক গোপন সূত্ৰৰ ভিত্তিত ৰাঙ্গিৰখাৰী থানাৰ আই চি আৰু আৰক্ষী জোৱানে শিলচৰ-আইজল পথৰ চৰকিছা মোকামৰ সমীপৰ চৈদপুৰ চতুৰ্থ ব্লকত বিশেষ অভিযান চলাই এখন ৰয়েল এনফিল্ড মটৰ চাইকেল জব্দ কৰে। আৰু বাইক আৰোহীৰ এটা বেগৰ পৰা ৪৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন থকা তিনিটা প্লাষ্টিকৰ চাবোনৰ কেচ উদ্ধাৰ কৰে। তদুপৰি ছাহাদ আলম লস্কৰ (২৫) নামৰ বাইক আৰোহীজনকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত হেৰ’ইনৰ মূল্য ২২ লাখ টকা হ’ব।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like