নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ ছেপ্টেম্বৰ, আহিন মাহৰ ৬ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা ষষ্ঠী, নক্ষত্র : ৰোহিণী, যাত্রা : শুভ

মেষ : কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ শৰীৰৰ স্বাস্থ্যক লৈ সমস্যা হ’ব পাৰে৷ বিশেষ কোনো কামৰ বাবে ৰাজহুৱা সন্মান পাব পাৰে৷ দিনটোত কর্ম আৰু ভাগ্য সহায়ক হ’ব৷ ঘৰত অতিৰিক্ত জাকজমকৰ প্রয়াসৰ পৰা বিৰত থাকিব৷ বিদ্যার্থীৰ শুভ ফল৷ প্রেম আৰু দাম্পত্যত অশান্তি থাকিব৷ শুভ ৰং হালধীয়া৷

বৃষ : কর্মক্ষেত্রত সুনাম বৃদ্ধিৰ যোগ৷ মামলা–মোকর্দমাত জয়ী হোৱাৰ সম্ভাৱনা আছে৷ দিনটোত অসহায় ভাব বৃদ্ধি পাব৷ ব্যৱসায়–বাণিজ্যত নতুন বিনিয়োগ শুভ ফলদায়ক হ’ব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ ফলদায়ক হ’ব৷ সন্তানৰ পৰা পিতৃ–মাতৃয়ে মানসিক আঘাত পাব পাৰে৷ আর্থিক ক্ষেত্রত শুভ৷ শুভ ৰং বেঙুনীয়া৷

মিথুন : কর্মক্ষেত্রত প্রগতি, কিন্তু অপবাদো পাব পাৰে৷ দিনটোত ধৈর্য আৰু সংযম বজাই ৰখাৰ চেষ্টা কৰিব৷ মানসিক ফালৰ পৰা হতাশাৰ মাত্রাই বেছি হ’ব৷ আকস্মিকভাৱে অসংযত হোৱা প্রৱণতা লক্ষ্য কৰিব পৰা যায়৷ ব্যৱসায়-বাণিজ্যত মধ্যম ফল আশা কৰিব পাৰে৷ বিদ্যার্থীৰ মধ্যম ফল৷ শুভ ৰং মেৰুণ৷

কর্কট : কর্মক্ষেত্রত অশান্তি আৰু মিছা অপবাদৰ ভয় আছে৷ আর্থিক ক্ষেত্রত মধ্যম ফলদায়ক যদিও দিনৰ শেষৰ ভাগত উন্নতি হ’ব পাৰে৷ আর্থিক বিনিয়োগৰ ক্ষেত্রত দিনটো শুভ ফলদায়ক হ’ব৷ মানসিক হতাশা বৃদ্ধি পাব৷ দিনটোত জুইৰ পৰা সতর্কতা অৱলম্বন কৰিব৷ প্রেমত অশান্তি বৃদ্ধি পাব পাৰে৷ শুভ ৰং ৰঙা৷

সিংহ : কর্মক্ষেত্রত সন্মান প্রাপ্তিৰ যোগ৷ ভাতৃৰ লগত কিবা বিষয় লৈ সংঘাত দেখা দিব পাৰে৷ আয় উন্নতিৰ বাবে একাধিক সুযোগ-সুবিধা আহিব৷ প্রয়োজনত বন্ধু-বান্ধৱৰ পৰা সহায়–সহযোগ পাব পাৰে৷ আকস্মিকভাৱে শৰীৰ-স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে৷ গতিকে শৰীৰৰ প্রতি লক্ষ্য ৰাখিব লাগিব৷ শুভ ৰং বগা৷

কন্যা : অপ্রত্যাশিতভাৱে পাৰিবাৰিক ক্ষেত্রত ঝামেলা আহিব পাৰে৷ প্রেম-প্রীতিৰ ক্ষেত্রত অশানুৰূপ ফল নাপাব৷ দৈনন্দিন কর্মত সুনাম বৃদ্ধিৰ যোগ৷ আকস্মিকভাৱে অর্থ সম্পদ প্রাপ্তিৰ যোগ দেখা যায়৷ শুভ ৰং ক’লা৷

তুলা : দিনটোত ভাগ্য আৰু কর্ম আপোনাৰ সহায় হ’ব৷ চাকৰিৰ ক্ষেত্রত সুনাম আৰু প্রতিপত্তিৰ যোগ৷ বিনা প্রয়োজনত চলা-ফুৰা নকৰিব৷ আকস্মিক দুর্ঘটনা আদিৰ ফলত ৰক্তপাতৰ যোগ দেখা যায়৷ শত্রু প্রবল হ’ব, গতিকে শত্রুৰ পৰা সতর্ক থাকিব৷ বিদ্যার্থীৰ সাফল্য আহিব৷ শুভ ৰং সেউজীয়া৷

বৃশ্চিক : দৈনন্দিন কর্মত ঝামেলা হ’ব পাৰে৷ আর্থিক ক্ষেত্রত আশানুৰূপ ফল নাপাব৷ শ্বাসজনিত সমস্যাই দেখা দিব পাৰে৷ সন্তানৰ কাৰণে পিতৃ–মাতৃৰ দুশ্চিন্তা বৃদ্ধি পাব৷ উচ্চ বিদ্যার্থীসকলৰ ক্ষেত্রত বাধা থাকিব৷ ব্যৱসায়ৰ নামত নতুনকৈ বিনিয়োগ নকৰিব৷ দাম্পত্যত অশান্তি বৃদ্ধি পাব৷ শুভ ৰং মটীয়া৷

ধনু : কর্ম আৰু ভাগ্য আপোনাৰ সহায়ক নহ’ব পাৰে৷ অধিক পৰিশ্রম কৰিও আর্থিক ক্ষেত্রত আশানুৰূপ ফল নাপাব পাৰে৷ ব্যৱসায়ৰ বিষয় লৈ নতুনকৈ চিন্তা–ভাবনাৰ প্রয়োজন। নতুন বিনিয়োগৰ ক্ষেত্রত সাফল্য আহিব৷ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ ফলদায়ক৷ শুভ ৰং নীলা৷

মকৰ : কর্মক্ষেত্রত সাফল্যৰ যোগ৷ দিনটোত মানসিক অস্থিৰতা বৃদ্ধি পাব৷ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখিব লাগিব৷ অনাৱশ্যক ব্যয়ৰ মাত্রা বৃদ্ধিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব৷ দিনটোত শত্রুৰ পৰাক্রম বৃদ্ধি পাব, গতিকে শত্রুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব লাগিব৷ প্রেমত সাফল্য৷ শুভ ৰং গুলপীয়া৷

কুম্ভ : কর্মক্ষেত্রত অপ্রত্যাশিতভাৱে ঝামেলা হ’ব পাৰে৷ কর্মক্ষেত্রত নিজৰ যোগ্যতাৰ প্রমাণ দেখাব পাৰিব৷ দিনৰ শেষৰ ভাগত অর্থ সংকটে দেখা দিব পাৰে৷ অপৰিচিত লোকৰ পৰা দিনটোত সতর্কতা অৱলম্বন কৰিব৷ বাধাৰ মাজেৰে বিদ্যার্থীৰ সাফল্য আহিব৷ ব্যৱসায়–বাণিজ্যত মধ্যম৷ শুভ ৰং মেৰুণ৷

মীন : দৈনন্দিন কর্ম সাফল্য আহিব৷ ধৈর্য সহকাৰে কাম কৰিলে সাফল্য অৱশ্যেই আহিব৷ নিবনুৱা জাতক–জাতিকাৰ কর্ম প্রাপ্তিৰ যোগ দেখা যায়৷ কোনোবাই মিছা বদনাম কৰিব পাৰে৷ দিনটোত একাধিক সমস্যাৰ দেখা দিব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ ফলদায়ক হ’ব৷ শুভ ৰং কমল৷

You might also like