নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ

বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ ৰাহুল গান্ধী কেৱল কংগ্রেছৰেই নেতা নহয়। তেওঁ বিৰোধী দলপতিও। তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ কণ্ঠ হৈ পৰিছে। ৰাইজে তেওঁক দেশৰ ভবিষ্যতৰ প্ৰধানমন্ত্ৰী হিচাপে গ্ৰহণ কৰিছে। ইয়াতেই শংকিত হৈ পৰিছে বিজেপি। বিজেপি নেতাই  তেওঁক মৃত্যুৰ ভাবুকি দি দেশজুৰি অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। কিন্তু বিজেপিৰ এনে ভাবুকিত ৰাহুল গান্ধী ভীতিগ্ৰস্ত নহয়। -এই বক্তব্য প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ। আজি লখিমপুৰ সদৰ থানাৰ চৌহদত তেওঁ সাংবাদিকৰ আগত এই বক্তব্য প্ৰদান কৰে। তেওঁৰ নেতৃত্বত লখিমপুৰ জিলা কংগ্রেছৰ কেইবাশ নেতা কৰ্মীয়ে সমদল কৰি আহি লখিমপুৰ সদৰ থানাত উপস্থিত হৈ ৰাহুল গান্ধীক মৃত্যুৰ ভাবুকি দিয়া বুলি অভিযোগ তুলি বিজেপি নেতা তাৰভিন্দৰ সিং, মন্ত্রী ৰাভনিট বিটু, ৰঘুৰাজ সিং, শিৱসেনাৰ বিধায়ক সঞ্জয় গাইকোৱাডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰসংগত তেঁও কয় বিগত লোকসভা নির্বাচনত লখিমপুৰ লোকসভা সমষ্টিত কংগ্রেছে মাথোঁ ২২ দিন নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সুযোগ পাইছিল। মাথোঁ কেইটামান ভোটৰ ব্যবধানতহে হাৰিছিল কংগ্রেছৰ প্ৰাৰ্থীজন। অহা নিৰ্বাচনলৈ মাজত এবছৰ আছে বুলি উল্লেখ কৰি তেওঁ কংগ্রেছে এই এবছৰত শক্তি সঞ্চয় কৰি সফল হোৱাৰ ইংগিত দিয়ে। গঁড় হত্যা প্ৰসংগত তেওঁ চৰকাৰখন এতিয়াও এশ শতাংশ সফল হোৱা নাই বুলি সমালোচনা কৰে। এই কাৰ্য্য সূচীত ভূপেন বৰাৰ উপৰি জিলা কংগ্রেছৰ সভাপতি গগন বৰা, উদয় শংকৰ হাজৰিকা, মৌচম লাহন, জয়প্ৰকাশ দাস, ৰাতুল বৰা, গংগা জ্যোতি টায়েগাম, নাৰায়ণ শইকীয়া, হাফিজা বেগম সহ কংগ্রেছৰ বহু নেতা তথা কেইবাশ কৰ্মীয়ে অংশগ্রহণ কৰে।
প্ৰেৰক জীৱন গোস্বামী
You might also like